মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ অধীনত লণ্ডনলৈ ৰাওনা ৫ শিক্ষাৰ্থী

বৰঝাৰত শুভেচ্ছা জনালে বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই

0 1

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ ছেপ্তেম্বৰ : কেম্ব্ৰিজ বিশ্ববিদ্যালয়, অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু ইউনিভাৰ্ছিটি কলেজ অব্ লণ্ডনকে ধৰি ইংলেণ্ডৰ আগশাৰীৰ বিজ্ঞান শিক্ষানুষ্ঠান আৰু বিশ্ববিখ্যাত গৱেষণাগাৰ দৰ্শনৰ বাবে ইংলেণ্ডলৈ ৰাজ্যৰ ৫গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীক প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগে। ‘মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনি-২০২৪’ৰ অধীনত বাচনি কৰা পাঁচজনীয়া শিক্ষাৰ্থীৰ দলটোৱে ২২ ছেপ্তেম্বৰৰ পৰা ২৮ ছেপ্তেম্বৰলৈ লণ্ডনত এই মহত্বপূৰ্ণ বিজ্ঞান-দৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীকেইগৰাকীক আজি বিয়লি বৰঝাৰত আনুষ্ঠানিক ভাৱে শুভেচ্ছা জনাই দিল্লী হৈ ইংলেণ্ড অভিমুখে যাত্ৰা কৰোৱায় ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটী আইআইটিৰ অধ্যাপক তথা অসমৰ প্ৰথমগৰাকী ‘ৰেংলাৰ’ ড০ অনুপম শইকীয়া আৰু অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ জ্যেষ্ঠ বৈজ্ঞানিক বিষয়া পাৰমিতা বৰঠাকুৰৰ তত্বাৱধানত অসমৰ পৰা লণ্ডন অভিমুখে ৰাওনা হোৱা শিক্ষাৰ্থীকেইগৰাকী হৈছে দৰং জিলাৰ ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জাহ্নৱী প্ৰিয়া নাথ, ডিব্ৰুগড়ৰ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ কংকন বৰা, মাজুলীৰ চামগুৰি সত্ৰ ৰাওনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ লক্ষ্য কলিতা, নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ মঞ্জয় নন্দী আৰু গোলাঘাটৰ ৰেডিয়েণ্ট কলেজৰ ছাত্ৰী নিকিতা নেওগ। মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিখন কাৰ্যৰূপায়নৰ দায়িত্বত থকা অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ উদ্যোগত বৰঝাৰত শুক্ৰবাৰে বিয়লি আয়োজিত এক সংক্ষিপ্ত অনুষ্ঠানত বিভাগীয় মন্ত্ৰী মহন্তই কেওগৰাকী শিক্ষাৰ্থীৰে মত বিনিময় কৰি বিশ্বৰ আগশাৰীৰ তথা ইতিহাস প্ৰসিদ্ধ বিশ্ববিদ্যালয় হিচাপে খ্যাতি থকা কেম্ব্ৰিজ, অক্সফোৰ্ড আৰু ইউনিভাৰ্ছিটি কলেজ লণ্ডনৰ লগতে ব্ৰিটিছ মিউজিয়াম, নেচনেল হিষ্ট্ৰি মিউজিয়াম আৰু ঐতিহ্যমণ্ডিত বিজ্ঞানাগাৰ-গৱেষণাগাৰ দৰ্শনৰ অনন্য অভিজ্ঞতা আহৰণৰ বাবে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে। এছটেকৰ সঞ্চালক ড০ জয়দ্বীপ বৰুৱাও উপস্থিত থকা এই অনুষ্ঠানতে শিক্ষাৰ্থীকেইগৰাকীৰ অভিভাৱকৰ সৈতেও মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ জড়িয়তে লণ্ডনত বিজ্ঞান-দৰ্শনৰ কাৰ্যসূচীত অংশগ্ৰহণৰ এই অভিজ্ঞতাই শিক্ষাৰ্থীকেইগৰাকীক ভৱিষ্যতে বিজ্ঞান-প্ৰযুক্তি তথা উদ্ভাৱনমূলক চিন্তা-চৰ্চাত মনোনিৱেশৰ বাবে দৃঢ় আত্মবিশ্বাসী হৈ উঠাত সহায় কৰাৰ সমান্তৰালকৈ ৰাজ্যখনৰ আন স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলকো উদ্বুদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে। বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন তথা তথ্য প্ৰযুক্তি মন্ত্ৰী মহন্তই শিক্ষাৰ্থীকেইগৰাকীৰ এই লণ্ডনত বিজ্ঞান-দৰ্শন কাৰ্যসূচী তত্বাৱধানৰ বাবে এছটেকে বিশেষ দায়িত্ব অৰ্পণ কৰা আইআইটিৰ অধ্যাপক ড০ অনুপম শইকীয়া আৰু এছটেকৰ জ্যেষ্ঠ বৈজ্ঞানিক বিষয়া পাৰমিতা বৰঠাকুৰৰ সৈতে মতবিনিময় কৰি লণ্ডন ভ্ৰমণকালত শিক্ষাৰ্থীকেইগৰাকীয়ে যাতে সুন্দৰকৈ বিশ্বস্তৰৰ বৈজ্ঞানিক গৱেষণাগাৰৰ আন্তঃগাথঁনি, গৱেষণাগাৰৰ পৰিৱেশ, বিজ্ঞান চিন্তাৰ গতি-প্ৰকৃতি আদিৰ বিষয়ে অনুভৱ কৰিব পাৰে, সেই দিশত উৎসাহিত কৰিবলৈ অনুৰোধ জনায়। কেম্ব্ৰিজ বিশ্ববিদ্যালয়তে অধ্যয়ন কৰি গণিত বিষয়ত পিএইচডি সন্মান লাভেৰে অসমৰ প্ৰথমগৰাকী ‘ৰেংলাৰ’ হোৱাৰ খ্যাতিপ্ৰাপ্ত ড০ শইকীয়াই শিক্ষাৰ্থীকেইগৰাকীক ইংলেণ্ডলৈ প্ৰেৰণৰ বাবে অসম চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগে লোৱা এই পদক্ষেপৰ প্ৰশংসা কৰি আগন্তুক দিনত অসমত বিজ্ঞান চিন্তাৰ বাতাৱৰণ সবল কৰাত এয়া এক মহত্বপূৰ্ণ পদক্ষেপ ৰূপে বিবেচিত হ’ব বুলি মতপোষণ কৰে। শিক্ষাৰ্থীকেইগৰাকীয়ে লণ্ডন ভ্ৰমণকালত কেম্ব্ৰিজৰ বিখ্যাত কেভেনডিছ লেৱৰেটৰী, কেম্ব্ৰিজ আৰু অক্সফোৰ্ডৰ গৱেষণাগাৰ, ক্ৰাইষ্ট চাৰ্চ আৰু বেলিয়ল কলেজো কৰিব। তেওঁলোকে কেম্ব্ৰিজ আৰু অক্সফোৰ্ডত নিশা কটোৱাৰ লগতে ব্ৰিটিছ সংসদ ভৱন চৌহদ, বিগ বেং, টাৱাৰ ব্ৰিজ আদি দৰ্শনৰো সুযোগ লাভ কৰিব। আজি সন্ধিয়া বৰঝাৰৰ পৰা ৰাওনা হোৱা শিক্ষাৰ্থী-তত্বাৱধায়কৰ দলটোৱে নিশা নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত কাইলৈ নিচেই পুৱাতে লণ্ডনলৈ ৰাওনা হ’ব। লণ্ডনত ২২ ছেপ্টেম্বৰৰ পৰা অহা ২৮ ছেপ্তেম্বৰলৈ বাহৰ পাতি শিক্ষাৰ্থীকেইগৰাকীয়ে বিশ্বৰ প্ৰখ্যাত বিশ্ববিদ্যালয় তিনিখনৰ চৌহদৰ লগতে বিশ্ববিদ্যালয়ৰ অধীনস্থ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ বিজ্ঞানাগাৰ আদি দৰ্শন কৰি সেইদিনাই সন্ধিয়ালৈ লণ্ডনৰ পৰা স্বদেশলৈ ঘূৰি আহিব। উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ অধীনত এছটেকে ৰাজ্যত বিজ্ঞান শাখাত একাদশ শ্ৰেণীত অধ্যয়নৰত আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা গুৱাহাটী আইআইটিৰ পৰীক্ষণৰ মাধ্যমেৰে ১০০ গৰাকী শিক্ষাৰ্থীক এইবছৰৰ বিজ্ঞান প্ৰতিভা ৰূপে বাচনি কৰিছিল। এই এশগৰাকী ছাত্ৰ-ছাত্ৰীক যোৱা ২২ মে’ৰ পৰা ২৬ মে’লৈ বাংগালোৰত বিজ্ঞান-দৰ্শন কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ আগবঢ়ায়। বাংগালোৰত তেওঁৰশলোকে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আইআইএছচি), ইছৰুৰ কেন্দ্ৰকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান-প্ৰতিষ্ঠান দৰ্শন কৰাৰ লগতে আগশাৰীৰ বিজ্ঞানীৰে মতবিনিময় কৰাৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ মাজৰ পৰাই পুণৰ পাঁচগৰাকী শিক্ষাৰ্থীক বাচনি কৰি আজি লণ্ডনলৈ পঠিওৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More