মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত এছ ইউ চি আইৰ প্ৰতিবাদ

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪এপ্ৰিলঃ জীৱনদায়িনী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধি, পৌৰ কৰ বৃদ্ধি, টোলকৰ আৰু বিদ্যুতৰ নিৰ্দ্ধাৰিত মাছুল বৃদ্ধিৰ বিৰুদ্ধে এছ ইউ চি আই(কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত আৰু দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰৰ নিকামূল চাৰিআলিত আজি বিয়লি এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়।দলৰ ভালে সংখ্যক কৰ্মী-সমৰ্থক সমবেত হৈ হাতে হাতে দাবী সম্বলিত প্লেকাৰ্ড, ফেষ্টুন লৈ তীব্ৰ বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভকাৰী সকলে ‘জীৱনদায়ী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ জনবিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, পৌৰকৰ বৃদ্ধি কৰা নচলিব, পৌৰ কৰ বৃদ্ধি কৰি ৰাইজক লুন্ঠন কৰা বন্ধ কৰক, টোল কৰ বৃদ্ধি প্ৰত্যাহাৰ কৰক, বিদ্যুতৰ ফিক্সড চাৰ্জ বৃদ্ধি কৰা নচলিব ইত্যাদি শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে।পিছত চৰকাৰৰ এই সমূহ জনবিৰোধী সিদ্ধান্তক ধিক্কাৰ জনাই দলৰ শোণিতপুৰ জিলা সম্পাদক অজয় আচাৰ্যই বক্তব্য ৰাখে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More