মূল্যবৃদ্ধি ৰোধৰ দাবীৰে তেজপুৰত আমছুৰ প্ৰতিবাদ

0 5
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ মেঃ পেট্ৰোল, ডিজেল, জীৱনদায়িনী ঔষধৰ লগতে প্ৰতিবিধ খাদ্য সামগ্ৰীৰ অভাৱনীয়ভাৱে হোৱা মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে। ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্যও দিনে দিনে বৃদ্ধি পোৱাৰ পাছতো বিজেপি চৰকাৰে কোনোধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰাত ৰাইজ জুৰুলা হৈছে।মূল্যবৃদ্ধি ৰোধৰ দাবীত আজি তেজপুৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ শোণিতপুৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। তেজপুৰস্থিত জিলা উপাযুক্ত কাৰ্যালয়ৰ সমীপত আদালত চাৰিআলিত আজি দিনৰ প্ৰায় ১১ বজাৰ পৰা ১ বজালৈ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচীৰে মূল্যবৃদ্ধিৰ প্ৰতিবাদ আৰু ইয়াৰ ৰোধৰ দাবীত শোণিতপুৰৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা আমছুৰ শতাধিক নেতা কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মূল্যবৃদ্ধি নিয়ন্ত্ৰন কৰক, যোগানমন্ত্ৰী ৰনজিৎ দাসে পদত্যাগ কৰক, পেট্ৰোল, ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰক, ভাৰত চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায় আদি ধ্বনি দি পৰিস্থিতি উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।পাছত সংগঠনটোৱে  মূল্য  হ্ৰাস তথা ৰোধৰ দাবীৰে শোণিতপুৰ জিলা আমছুৰ সভাপতি শুকুৰ আলি, সম্পাদক দ্বয় আইনুল ইছলাম আৰু আফতাব আলম স্বাক্ষৰিত এখন স্মাৰক পত্ৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More