মেক ইন ইণ্ডিয়া’ৰ জয়জয়কাৰ!

ফিলিপাইনছে ক্ৰয় কৰিব ভাৰতীয় হেলিকপ্টাৰ

0 9
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্প ‘মেক ইন ইণ্ডিয়া’। এই ‘মেক ইন ইণ্ডিয়া’ আকৌ এবাৰ সফলতাৰ তালিকাত। এইবাৰ ফিলিপাইনছে ভাৰতৰ হিন্দুস্তান এৰোনটিক্স লিমিটেড বা এইচ এ এলৰ দ্বাৰা নিৰ্মিত এডভান্সড লাইট হেলিকপ্টাৰ (AHL) ক্ৰয় কৰিবলৈ ওলাইছে। কিন্তু তেওঁলোকে ভাৰতৰ পৰা কিমান হেলিকপ্টাৰ কিনিব, সেয়া এতিয়াও নিৰ্দিষ্ট হোৱা নাই। বিশেষ সূত্ৰৰ খবৰ মতে, ফিলিপাইনছে অন্ততঃ এটা বেটছৰ গোটেইখিনি হেলিকপ্টাৰ ক্ৰয় কৰিব। এটা বেটছত মুঠ সাতখন হেলিকপ্টাৰ থাকে। ফিলিপাইনছে নিজৰ পুৰণি হেলিকপ্টাৰসমূহৰ ঠাইত অত্যাধুনিক হেলিকপ্টাৰ ব্যৱহাৰ কৰিব বিচাৰিছে। তাৰ বাবে তেওঁলোকে অতি শীঘ্ৰে হেলিকপ্টাৰ সন্দৰ্ভত ভাৰতৰ সৈতে চুক্তি কৰিব বিচাৰিছে। দক্ষিণ চীন সাগৰত চীনৰ আগ্ৰাসনৰ সন্মুখীন হৈছে ফিলিপাইনছ। চীনৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ ইতিমধ্যে ফিলিপাইনছৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিভাগে ভাৰতৰ পৰা ব্ৰাহ্মচ ক্ৰয়ৰ অনুমোদন জনাইছে। ২০২২ চনৰ জানুৱাৰী মাহত ব্ৰাহ্মচ ক্ৰয় কৰাৰ কথা স্থিৰ কৰা হৈছিল। ফিলিপাইনছে প্ৰথম পৰ্যায়ত কেইবাটাও ব্ৰাহ্মছ মিছাইল ক্ৰয় কৰিব বিচাৰিছে। ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ চুক্তিত স্বাক্ষৰ কৰিবলৈও কোৱা হৈছে। ভাৰতৰ এয়া প্ৰথম বহিঃদেশৰ অৰ্ডাৰ। উল্লেখ্য যে আমেৰিকাৰ মিত্ৰ হিচাপে পৰিচিত ফিলিপাইনছ; কিন্তু ভাৰত আৰু ৰাছিয়াৰ যৌথ পদক্ষেপ ব্ৰাহ্মছৰ ওপৰত দেশখনে নিজৰ আস্থা প্ৰদৰ্শন কৰিছে। এতিয়া ব্ৰাহ্মছৰ পিছত এডভান্সড লাইট হেলিকপ্টাৰৰ নতুন চুক্তি হ’বলৈ গৈ আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More