মেঘালয়ত পৰ্যটকৰ বাবে শীঘ্ৰেই বৈধ হ’ব জুৱাখেল

জুৱাক স্বীকৃতি দিয়া উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয়খন ৰাজ্য

0 27

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ এপ্ৰিলঃ জুৱাখেলক আইনগত ভাৱে বৈধ ৰূপ দিবলৈ এইবাৰ সিদ্ধান্ত লৈছে মেঘালয় চৰকাৰে। ৰাজ্যখনৰ কৰ বিভাগৰ মন্ত্ৰী জেমছ পি কে চাংমাই এই কথা ঘোষণা কৰি কৈছে যে, প্ৰধানকৈ ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে পৰ্যটক সকলৰ বাবে মেঘালয়ত অচিৰেই জুৱা খেলাৰ দৰে মনোৰঞ্জন ব্যৱস্থা বৃহৎ ৰূপত আৰম্ভ কৰা হ’ব। ইয়াৰ বাবে ৰাজ্যখনত কেছিন’, অন আৰু অফলাইন জুৱাৰ বিপনী স্থাপন কৰিবৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব। ইয়াৰ দ্বাৰা ৰাজকোষলৈ জি এছ টিৰ ধন অহাৰ উপৰি কৰ্মসংস্থাপনৰ পথ মুকলি হ’ব বুলি মন্ত্ৰীগৰাকীয়ে তেওঁৰ বক্তব্যত দোহাৰে। এই ব্যৱস্থা প্ৰৱৰ্তন কৰি জুৱা খেলক আইনী মৰ্যাদা প্ৰদান কৰা ছিকিম আৰু নাগালেণ্ডৰ পাছতে মেঘালয় উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয়খন ৰাজ্য হ’ব। উল্লেখযোগ্য যে, তীৰ খেলৰ ওপৰত ভিত্তি কৰি খেলা জুৱা মেঘালয়ত বৈধ। এক তথ্য অনুযায়ী ২০১৮-১৯ চনত এই তীৰ ভিত্তিক জুৱা খেলৰ পৰাই মেঘালয় চৰকাৰে প্ৰায় দুই কোটি টকাৰ ৰাজহ আৰ্জন কৰিছিল।মন্ত্ৰী গৰাকীয়ে লগতে স্পষ্ট কৰি দিয়ে যে, ৰাজ্যখনৰ স্থানীয় লোকে এই জুৱাখেলত অংশ ল’ব নোৱাৰিব। নথি-পত্ৰৰ ভিত্তিত ৰাজ্যখনলৈ অহা পৰ্যটকসকলৰ বাবেহে এই মনোৰঞ্জনৰ সুবিধা উপলব্ধ হ’ব। ইতিমধ্যে ৰাজ্যখনৰ কেইবাটাও সংগঠনে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More