মেঘালয়ৰ গাৰোপাহাৰলৈ দ্বিতীয়টো ৰেইলপথ

0 43

শতাব্দ বিশেষ প্ৰতিনিধি, ৫ মে’: মেঘালয়ৰ গাৰো পাহাৰলৈ দ্বিতীয়টো ৰেলপথ নিৰ্মাণৰ প্ৰস্তাৱে সাকাৰ ৰূপ লোৱাৰ পথত। অসমৰ দুধনৈৰ পৰা গাৰো পাহাৰৰ মেন্দিপথাৰলৈ ইতিমধ্যে ৰেল যোগাযোগ স্থাপন হৈছে। গাৰো পাহাৰৰ ‘জইণ্ট ম’ভমেণ্ট কমিটী ফৰ ক’ৰিডৰ’ৰ বিষয়ববীয়া সকলে সংবাদ মাধ্যমক জনোৱা মতে পশ্চিমবংগৰ দক্ষিণ দিনাজপুৰ জিলাৰ বালুৰঘাট- হিলিৰ পৰা বাংলাদেশৰ গাইবান্ধা হৈ গাৰো পাহাৰৰ মহেন্দ্ৰগঞ্জ-তুৰালৈকে এটা নতুন ৰেলপথ নিৰ্মাণৰ বাবে ৰেলৱে ব’ৰ্ড আৰু কেন্দ্ৰীয় চৰকাৰে নীতিগত ভাৱে অনুমোদন জনাইছে। ১৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথটোৰ নিৰ্মাণত ব্যয় নিৰ্ধাৰণ কৰা হৈছে প্ৰায় ৭,০০০ কোটি টকা। পশ্চিমবঙ্গৰ হিলি স্থল বন্দৰটোৰ পৰা গাৰো পাহাৰৰ মহেন্দ্ৰগঞ্জলৈকে ৰেল যোগাযোগ সম্পূৰ্ণ হ’লে অঞ্চলটোৰ ব্যৱসায়-বাণিজ্যৰ উন্নয়ন হ’ব বুলি কমিটীখনে আশা প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে ২০১৭ চনত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই বিষয়টোৰ ওপৰত এটা অধ্যয়ন চলাইছিল।Untitled 1 copy 2

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More