মেঘালয়ত ভয়াৱহ ভূমিস্খলন, বৰাকৰে যোগাযোগ বিচ্ছিন্ন

0 29
ৰাষ্ট্ৰীয় ঘাইপথৰ সোনাপুৰ আৰু লুমছুলুমত পুনৰ ভূমিস্খলন। ভূমিস্খলনৰ ফলত কেইবা ফুট তলত আৱদ্ধ হৈছে কেইবাখনো বিলাসী বাহনসহ ট্ৰাক। ভূমিস্খলনে ভয়াৱহ ৰূপ লোৱাত অনিৰ্দিষ্টকালৰ কাৰণে বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল। স্থলপথৰ যোগাযোগ বৰাক, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ। 
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ জুনঃ প্ৰৱল বৃষ্টিপাতৰ বাবে মেঘালয়ত হোৱা ভূমিস্খলনৰ ফলত বৰাকৰে যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। নিশাৰ ভাগত বৰাক সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ঘাইপথটোৰ কেইবাটাও স্থানত ভয়াৱহ ভূমিস্খলন হোৱাৰ খবৰ আহিছে। মেঘালয় আৰক্ষীয়ে জনোৱা মতে নিশা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোনাপুৰ আৰু লুমছুলুমত পুনৰ ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ভূমিস্খলনত পথটোৰ বৃহৎ অংশ ছিঙি যোৱাৰ ফলত কেইবাখনো বাহন ভূমিস্খলনৰ কবলত পৰিছে । ভূমিস্খলনৰ ফলত কেইবা ফুট তলত আৱদ্ধ হৈছে কেইবাখনো বিলাসী বাহনসহ বৃহৎ ট্ৰাক। এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা হৈছে বহু লোকৰ। লুমছুলুমত সংঘটিত হৈছে এই ঘটনাটো। পথত ৰখাই থোৱা অৱস্থাত হঠাৎ পথটোত ভূমিস্খলন হোৱাৰ ফলত বাহনসমূহ তলত সোমাই পৰিছে। ভূমিস্খলনৰ বাবে পথটোত যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছে। উল্লেখ যে বুধবাৰেও সোনাপুৰ, লুমছুলুম আৰু থানছেনবস্তিৰ কেইবাটাও স্থানত ভূমিস্খলনৰ ফলত যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছিল। বুধবাৰে নিশা নতুনকৈ আৰু কেইবাটাও স্থানত ভূমিস্খলন হৈছে। বহুঠাইত ভূমিস্খলনে ভয়াৱহ ৰূপ লোৱাত পথটোত অনিৰ্দিষ্টকালৰ বাবে বন্ধ হৈ পৰিল যান-বাহন চলাচল। ফলত আন আন ঠাইৰ সৈতে স্থলপথ বিচ্ছিন্ন হ’ল বৰাক, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More