মেঘালয়ত ১২১ কোটি টকাৰ ‘মিছন জিঞ্জাৰ’

0 45
শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ হালধিৰ পাছত এইবাৰ মেঘালয় চৰকাৰে আদা খেতিৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিছে ‘মিছন জিঞ্জাৰ’ নামৰ আন এখন অভিলাসী আঁচনি। উল্লেখযোগ্য যে, মেঘালয়ত কেইবাটাও স্থানীয় জাতৰ আদাৰ খেতি পূৰ্বৰে পৰাই ইয়াৰ অধিবাসীসকলে কৰি আহিছে। বিশেষকৈ ছিং মাখিৰা, ইং মাখি নামৰ স্থানীয় জাতৰ আদা দুবিধ অতি উচ্চ মানবিশিষ্ট। কালি শ্বিলঙত অনুষ্ঠিত হোৱা এখন সভাত মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্য চৰকাৰৰ এই আঁচনিখনৰ শুভ উদ্বোধন কৰে। মুঠ ১২১ কোটি টকাৰ এই আঁচনিৰ অধীনত অহা তিনিবছৰত আদাৰ উৎপাদন বৃদ্ধিৰ লগতে কৃষকসকলৰ আয় বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।ginger ৰাজ্যখনত বৰ্তমান আদা উৎপাদন হয় বছৰি ৬০,০০০ মেট্ৰিক টন। এই আঁচনিখনৰ ৰূপায়ণ সঠিক ভাৱে হ’লে অহা তিনিবছৰত আদাৰ উৎপাদন ১.৫ লাখ মেট্ৰিক টন হ’বগৈ বুলি আশা কৰা হৈছে। আৰু তেতিয়া দেশখনৰ ভিতৰতে মেঘালয় তৃতীয় বৃহৎ আদা উৎপাদনকাৰী ৰাজ্য হিচাপে পৰিগণিত হ’ব। আঁচনিখনৰ দ্বাৰা বৰ্তমান আদা খেতি কৰা এলেকা ১০,০০০ হেক্টৰৰ পৰা বৃদ্ধি কৰি ১২,৫০০ হেক্টৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ প্ৰায় ৫০,০০০ কৃষক উপকৃত হ’ব। আদাৰ কৃষিকাৰ্যৰ উপৰি খেতি চপোৱা, মজুতকৰণ আৰু সংৰক্ষণ, বাণিজ্যিক দিশসমূহো এই আঁচনিখনে সামৰি ল’ব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More