মেছিৰ সহস্ৰতম মেচত আৰ্জেণ্টিনাৰ ‘নাটকীয়’ জয়

ফিফা বিশ্বকাপৰ মেচ ৰিপ'ৰ্ট, আৰ্জেণ্টিনা বনাম অষ্ট্ৰেলিয়া : এনজো ফাৰ্নাণ্ডেজে বলটো নেটত ডিফ্লেক্ট কৰে। যদিও প্ৰথমে গুডউইনৰ গ’লটো প্ৰদান কৰা হৈছিল, পিছলৈ এনজোৰ আত্মঘাতী গ’ল বুলি নিশ্চিত কৰিছিল। দ্বিতীয়াৰ্ধত আৰ্জেণ্টিনাই গ’ল দিয়াৰ বহু সুযোগ সৃষ্টি কৰে। অৱশ্যে নিজৰ স্ক’ৰলাইনত কোনো পৰিৱৰ্তন নঘটিল।

0 36

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ ডিচেম্বৰ : তুলনা কৰি চালে ক্ষমতাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া নিঃসন্দেহে আণ্ডাৰডগ। কিন্তু গ্ৰুপ পৰ্যায় অতিক্ৰম কৰি নকআউটত উপনীত হোৱা দল এটাক সহজভাৱে লোৱা উচিত নহয়। লিয়নেল মেছিৰ আৰ্জেণ্টিনায়ো লোৱা নাছিল। প্ৰথমাৰ্ধত অতি সাৱধান ফুটবল। এইটো হাফত দুয়োটা দলৰ মাজত কোনো পাৰ্থক্য দেখা নগ’ল। গ’ললৈ কোনো শ্বট নাই, কোনো সুযোগ সৃষ্টি কৰা হোৱা নাই। কেৱল মেছিক ৰখাবলৈ হেঁচা দিয়া হৈছিল। ৩৩ মিনিট! এই মুহূৰ্তটোৱে লিয়নেল মেছিক সুখী কৰি তুলিছিল। সহস্ৰতম মেচ খেলাৰ সুবৰ্ণ কিৰিটী শিৰত লোৱা লিঅ’ মেছি সোঁফালৰ পৰা বল লৈ আগবাঢ়িছিল। বিপক্ষই বল দখলৰ যুঁজত ব্যৰ্থ হৈ মেছিৰ জাৰ্চিত ধৰিলে। বিৰক্ত মেছি। গ’লবক্সৰ সোঁফালে ফ্ৰী কিক লাভ কৰিলে আৰ্জেণ্টিনাই। ফ্ৰী কিক্ ল’লে মেছিয়ে। কিন্তু প্ৰাৰম্ভিক আঘাত অষ্ট্ৰেলিয়াই চম্ভালি ল’লে। তাৰ পিছতে মেছি মেজিক।

ARGENTINA MESSI GOALমেচখনত আৰ্জেণ্টিনাৰ প্ৰথমটো গ’লৰ মুহূৰ্ত। বিশ্বকাপৰ মঞ্চত মেছিৰ প্ৰথমটো নকআউট গ’ল।

ফ্ৰী কিক্ ৰক্ষা কৰাৰ পিছতো অষ্ট্ৰেলিয়াই বল নিজৰ দখলত ৰাখিব নোৱাৰিলে। মেকএলিষ্টাৰে নিকোলাছ অটামেণ্ডিলৈ পাছ কৰে। মেছিলৈ তেওঁৰ সৰু পাছ। বল ধৰি আৰু ৰৈ থকাৰ কথা কথা নাই। মেছিৰ বাওঁ ভৰিৰ চাপৰ শ্বট্। এজন অষ্ট্ৰেলিয়ান ডিফেণ্ডাৰৰ সংকুচিত দুভৰি। গ’লৰক্ষকৰ কাষেৰে পাৰ হ’ল বল। নেটত মিলি গ’ল । এনেদৰেই ৩৫ মিনিটত আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে নিজৰ দলটোক অগ্ৰগতি দিলে। তেওঁ নিজৰ কেৰিয়াৰৰ পঞ্চম আৰু শেষ বিশ্বকাপ খেলি আছে। আৰু বিশ্বকাপৰ নকআউট পৰ্যায়ত মেছিৰ এইটোৱেই প্ৰথমটো গ’ল। বিশ্বকাপৰ মঞ্চত তেওঁৰ ব্যক্তিগত নৱমটো গ’ল। সংখ্যাৰ ফালৰ পৰা তেওঁ কিংবদন্তি ডিয়েগো মাৰাডোনাক অতিক্ৰম কৰিলে। হাজাৰখন মেচৰ মাইলফলক স্মৰণীয় কৰিলে গ’লেৰে। আৰ্জেণ্টিনা ১-০ গ’লত আগবাঢ়ি বিৰতিলৈ যায়।

আৰ্জেন্টিনা ২ (লিয়নেল মেছি ৩৫’, জুলিয়ান আলভাৰেজ ৫৭’)

অষ্ট্ৰেলিয়া ১ (এনজো ফাৰ্নাণ্ডেজ ৭৭’-আত্মঘাতী)

দ্বিতীয়াৰ্ধ আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতে খেলৰ ৰূপ সলনি হয়। আলেজান্দ্ৰ’ মাৰ্টিনেজৰ ঠাইত স্কাল’নীয়ে লিজান্দ্ৰ’ মাৰ্টিনেজক যুদ্ধক্ষেত্ৰত নমায়। অলপ সময়ৰ ভিতৰতে মেছিয়ে শ্বুটিং কৰাৰ আন এটা সুযোগ পালে। এইবাৰ বক্সৰ ঠিক বাহিৰৰ পৰা এটা ল’ শ্বট। যদিও কোনো লক্ষ্য নাছিল। নিকোলাছ অটামেণ্ডিৰ ভুলে অষ্ট্ৰেলিয়াক উপহাৰ দিলে। অটামেণ্ডিয়ে গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেজক বেক পাছ দিয়ে। অষ্ট্ৰেলিয়ান ষ্ট্ৰাইকাৰ অহাৰ আগতেই আৰ্জেণ্টিনাৰ গ’লৰক্ষকে কেনেবাকৈ পৰিস্থিতি চম্ভালে। প্ৰতিপক্ষয়ো ঠিক একে ভুল কৰে। অষ্ট্ৰেলিয়ান খেলুৱৈয়ে তেওঁৰ সতীৰ্থ গ’লৰক্ষক ৰিয়ানক পাছ দিয়ে। ৰিয়ানে বল ধৰি পাছ কৰিবলৈ গ’ল। কিন্তু পলম হৈ গৈছিল। সেই সময়লৈকে জুলিয়ান আলভাৰেজে নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল বল। বল ৰিচিভ কৰি লগে লগে নেটলৈ শ্বট্— ৫৭ মিনিটত আৰ্জেণ্টিনাৰ দ্বিতীয়টো গ’ল। দেশৰ হৈ জুলিয়ানে স্ক’ৰলাইন ২-০লৈ বৃদ্ধি কৰে। একেৰাহে দুখন মেচত জুলিয়ানৰ গ’ল।

গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত ছৌদি আৰৱৰ হাতত পৰাস্ত হৈছিল আৰ্জেণ্টিনা। বাকী দুখন মেচত অৱশ্যে ক্লীন শ্বীট ৰাখিছিল। দুয়োখন মেচতে জয়ৰ ব্যৱধান আছিল ২-০। আজিৰ দিনটোত অৱশ্যে তেওঁ ক্লিন শ্বীটখন ৰাখিব পৰা নাছিল। বৰঞ্চ অষ্ট্ৰেলিয়ান ফুটবলাৰে শেষ পৰ্যন্ত ‘মৰ কামোৰ’ দিয়াৰ চেষ্টা কৰা দেখা গ’ল। আৰ্জেণ্টিনাৰ গ’ললৈ ৭৭ মিনিটত বিকল্প খেলুৱৈ গ্ৰেগ গুডউইনে এটা শক্তিশালী শ্বট লয়। এনজো ফাৰ্নাণ্ডেজে বলটো নেটত ডিফ্লেক্ট কৰে। যদিও প্ৰথমে গুডউইনৰ গ’লটো প্ৰদান কৰা হৈছিল, পিছলৈ নিশ্চিত কৰা হ’ল যে এয়া এনজোৰ আত্মঘাতী গ’ল। দ্বিতীয়াৰ্ধত আৰ্জেণ্টিনাই গ’ল দিয়াৰ বহু সুযোগ সৃষ্টি কৰে। অৱশ্যে স্ক’ৰলাইনত কোনো পৰিৱৰ্তন নঘটিল। নিৰ্ধাৰিত সময় শেষৰ ২ মিনিটমানৰ ভিতৰতে মেছিৰ পাছ বক্সত পায়ো লাউটাৰ মাৰ্টিনেজে সহজ সুযোগ নষ্ট কৰে। অতিৰিক্ত সময়ত মেছিৰ আন এটা পাছ। এইবাৰো লাউটাৰে গ’লৰক্ষকৰ গালৈহে বল মাৰিলে।

EMILANO SAVEএমিলিয়ানোৰ ছেভ আৰু সতীৰ্থসকলৰ কৃতজ্ঞতা

শেষ মুহূৰ্তত আৰ্জেণ্টিনাৰ শিবিৰত আতংক। ৭ মিনিট অতিৰিক্ত সময় যোগ দিয়া হ’ল। সেই সময়ত আৰ্জেণ্টিনাৰ গ’ল বক্সত ক্ৰছ ধৰি বিপক্ষৰ কুওল। গ’ল আৰু কুওলৰ মাজত কেৱল আৰ্জেণ্টিনাৰ গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেজ। বিকল্প হিচাপে নামা কুওলে ল’ শ্বট ল’লে। বাওঁহাতৰ দক্ষতাৰে এমিলিয়ানোৰ দুৰ্দান্ত ছেভ— অক্ষত আজেণ্টাইন দুৰ্গ। নহ’লে স্ক’ৰ লাইন ২-২ হ’লহেঁতেন আৰু মেচখন অতিৰিক্ত সময়লৈ আগুৱালেহেঁতেন৷ এমিলিয়ানোৱে সেই পৰিস্থিতি আহিবলৈ নিদিলে। ছেভৰ লগে লগে সতীৰ্থসকলে জপটিয়াই ধৰে এমিলিয়ানোক। এই নিৰ্দোষ ছেভৰ বাবে ধন্যবাদ জনায়; কৃতজ্ঞতা প্ৰকাশ কৰে। কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দ্বী নেদাৰলেণ্ড।

1444

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More