মেট্ৰিকত লখিমপুৰ উজ্বলালে পাঁচ কৃতীমানে

0 35

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ মে’ ঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লখিমপুৰ জিলাৰ ৫ গৰাকী কৃতীমান ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষৰ ১০ টা স্থানৰ ভিতৰত চতুৰ্থ, পঞ্চম, অষ্টম আৰু নৱম স্থান দখলেৰে লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ঘোষিত ফলাফল অনুসৰি সোনাপুৰ পুখুৰীপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰাজীৱ পালে ইংৰাজীত ৯৭, অসমীয়াত- ১০০, গণিতত ৯৪, বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত- ১০০, ভূগোলত- ১০০ সহ মুঠ ৫৯১ নম্বৰ লাভ কৰি চতুৰ্থ স্থান, উত্তৰ লখিমপুৰ ছেইণ্ট মেৰীজ হাইস্কুলৰ পৰা কিন্নৰী দত্তই ইংৰাজীত- ৯৮, অসমীয়াত- ৯২, গণিতত- ১০০, বিজ্ঞানত- ১০০, সমাজ বিজ্ঞানত- ১০০, ঐচ্ছিক গণিতত- ১০০ সহ মুঠ ৫৯০ নম্বৰ লাভ কৰি পঞ্চম স্থান, ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কুলদীপ হাজৰিকাই ইংৰাজীত- ৯৭, অসমীয়াত- ৯৭, গণিতত- ১০০, বিজ্ঞানত- ৯৮, সমাজ বিজ্ঞানত- ৯৫, ঐচ্ছিক গণিতত- ১০০ সহ মুঠ ৫৮৭ নম্বৰ লাভ কৰি অষ্টম স্থান, উত্তৰ লখিমপুৰ ছেইণ্ট মেৰীজ হাইস্কুলৰ পৰা অংকিতা শইকীয়াই ইংৰাজীত-৯৫, অসমীয়াত- ৯৫, গণিতত-৯৮, বিজ্ঞান-১০০, সমাজ বিজ্ঞানত- ৯৮, ঐচ্ছিক গণিতত- ১০০ সহ মুঠ ৫৮৬ নম্বৰ লাভ কৰি নৱম স্থান আৰু ব্ৰুকফিল্ড স্কুলৰ পৰা পলক জাজুৱে ইংৰাজীত- ৯৭, গণিতত- ১০০, বিজ্ঞানত- ৯৪, সমাজ বিজ্ঞানত- ৯৭, কম্পিউটাৰত- ১০০, হিন্দী- ৯৮ সহ মুঠ ৫৮৬ নম্বৰ লাভ কৰি নৱম স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ ইফালে আজি সোনাপুৰ পুখুৰীপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আজি ঘোষিত ফলাফলত চতুৰ্থ স্থান লাভ কৰা লালুক সোনাপুৰৰ অমূল্য পাল আৰু সুমিত্ৰা পালৰ দ্বিতীয় পুত্ৰ ৰাজীৱ পালেRajib Paul 4th ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে৷ লক্ষ্যণীয় কথা যে ৰাজীৱ পালৰ পিতৃ-মাতৃ অৰ্থনৈতিকভাবে যথেষ্ট পিছপৰা৷ এনে এটা পৰিয়ালৰ সন্তান ৰাজীৱে আজি মেট্ৰিকত এনে সাফল্য প্ৰদৰ্শন কৰাৰ বাবে সকলো অঞ্চলবাসী উৎফুল্লিত হৈ পৰাৰ লগতে আজি ছাত্ৰজনক লৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে এক সমদল উলিয়ায়৷ সম্প্ৰতি তেওঁ লখিমপুৰতে বিজ্ঞান শাখাত অধ্যয়ন কৰিব বুলি কয়৷ একেদৰে ছেইণ্ট মেৰীজ হাইস্কুলৰ পৰা পঞ্চম স্থান লাভ কৰা কিন্নৰী দত্তKinnaroy Dutta 5th কয় যে ভৱিষ্যতে তেওঁ সু-চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে৷ লখিমপুৰৰ চাবতি নিবাসী ব্যৱসায়ী প্ৰণৱ দত্ত আৰু লীলাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী নিলাক্ষী দস্তিদাৰৰ একমাত্ৰ কন্যা কিন্নৰীৰ সাফল্যত আজি সমগ্ৰ অঞ্চলটোৰ লগতে ছেইণ্ট মেৰীজ হাইস্কুলত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ শিক্ষানুষ্ঠানখনৰ মুৰববীয়ে কৃতী ছাত্ৰীগৰাকীক ফুলৰ তোৰাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ একেদৰে একেখন বিদ্যালয়ৰ পৰা নৱম স্থান দখল কৰা লখিমপুৰৰ খেলমাটি নিবাসী তথা লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বুবুল শইকীয়া আৰু ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ শিক্ষয়িত্ৰী বেবি চেতিয়াৰ একমাত্ৰ কন্যা অংকিতা শইকীয়াAnkita Saikia 9th কয় যে ভৱিষ্যতে তেওঁ এগৰাকী অধ্যাপক হ’ব৷ দৈনিক ৯-১০ ঘণ্টাকৈ অধ্যয়ন কৰা অংকিতাই আজি কয় যে মেট্ৰিক পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল ব্যৱস্থাই তেওঁক মানসিক ভাৱে যথেষ্ট আঘাত দিছিল৷ একেদৰে লখিমপুৰ ব্ৰুকফিল্ড স্কুলৰ পৰা নৱম স্থান দখল কৰা নগৰখনৰ ১৩ নং ৱাৰ্ডৰ নিবাসী প্ৰদীপ জাজু আৰু ৰজনী জাজুৰ কন্যা পলক জাজুৱে

Palak Jaju 9th 1 1 কয় যে মেট্ৰিকত প্ৰথম ১০ টা স্থানৰ ভিতৰত স্থান দখল কৰিম বুলি আশা কৰিছিলো৷ ভৱিষ্যতে চাৰ্টাৰ্ড একাউটেণ্ট হোৱাৰ আশা পুহি ৰখা পলকে সম্প্ৰতি ভেলীভিউ স্কুলত অধ্যয়ন কৰিব৷ আনহতে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান লাভ কৰা কুলদীপ হাজৰিকা

Kuldip Hazarika 8thভৱিষ্যতে এজন সু-চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে৷ পিতৃৰ মৃত্যুৰ পিছৰে পৰা মাকৰ লগত মোমায়েকৰ ঘৰত থাকি পঢ়া শুনা কৰা কুলদীপৰ সাফল্যত আজি সকলোৱে সন্তোষ প্ৰকাশ কৰি উষ্ম আদৰণি জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More