মোদীৰ বিদেশী সামগ্ৰী বর্জনৰ আহ্বান কার্যতঃ ফ্লপ

আত্মনির্ভৰ ভাৰতৰ প্রচাৰেই সাৰ

0 33
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ মে’ : এবাৰ বঙ্গভঙ্গ আৰু এবাৰ অসহযোগ। স্বাধীনতা সংগ্রামৰ এই দু‌ই আন্দোলনৰ লগত যোগ হৈছিল বিদেশী সামগ্ৰী বর্জনৰ আহ্বান। কিন্তু সেয়া আছিল পৰাধীন ভাৰতৰ স্বাধিকাৰ প্রাপ্তিৰ যুঁজ। স্বাধীন ভাৰতৰ ৭৫তম বর্ষত স্বয়ং প্রধানমন্ত্রীয়েই আহ্বান জনালে, বিদেশী সামগ্ৰীৰ নির্ভৰতা কমাব লাগিব আৰু স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব মানুহে। স্বাধীনতাৰ ৭৫ তম বর্ষত নৰেন্দ্র মোদীৰ স্বদেশী জাগৰণ হৈছে। তেওঁ সেয়ে স্বদেশী আন্দোলনৰ আহ্বান জনাইছে। কৈছে যে, বিদেশী সামগ্ৰীৰ ওপৰত অতি নির্ভৰতা আচলতে দাসত্ব। এই দাসত্বৰ পৰা আমি মুক্ত হ’ব লাগিব। সেয়ে দেশৰ জনগণক তেওঁৰ আবেদন— বেছিকৈ স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰক। বিদেশী পণ্যৰ নির্ভৰতাৰ পৰা ওলাই আহক। প্রধানমন্ত্রীয়ে যোৱা ৬ মে’ত পুনেত এক বাণিজ্য সন্মিলনত স্বদেশী ব্যৱহাৰৰ আহ্বান জনালেও সেয়া কিন্তু কার্যতঃ ফ্লপ। তেওঁৰ চৰকাৰৰ আমোলত পণ্য আমদানি কমাতকৈ বাঢ়িছেহে। ৰপ্তানি আৰু আমদানিৰ মাজত পার্থক্য বেছি হ’লে তাক কোৱা হয় বাণিজ্য ঘাটি, যিটো অর্থনীতিৰ বাবে বিপজ্জনক। ২০২১ চনৰ এপ্রিলৰ পৰা ২০২২ চনৰ মার্চপর্যন্ত চৰকাৰী নথিপত্র অধ্যয়ন কৰিলে দেখা যায়, ভাৰতৰ পৰা অন্য দেশলৈ সামগ্ৰী ৰপ্তানিৰ হাৰ যিমান বাঢ়িছে, তাৰ তুলনাত বৃদ্ধি পাইছে আমদানি। বাকী সকলো দেশ বাদ দিলেও, সকলোতকৈ বেছি আমদানি বাঢ়িছে চীনৰ পৰাই। অথচ চীনৰ ৰঙা সেনাই পূব লাডাখত আক্রমণ কৰাত ভাৰত চৰকাৰে ঘোষণা কৰিছিল যে, চীনৰ পৰা সামগ্ৰী আমদানি বয়কট কৰা হ’ব। ঘোষণা কৰা হৈছিল আত্মনির্ভৰ ভাৰতৰ বিয়াগোম পেকেজো। চীনৰ পৰা বহু সামগ্ৰী ধীৰে ধীৰে কমাই অনাৰ কথা দিছিল। সেই সময়ৰ শ্লোগান আছিল ‘মেক ইন ইণ্ডিয়া’। সেই শ্লোগানৰেই প্রতিধ্বনি ৬ মে’ত পুনেত জৈন ইন্টাৰনেচনেল ট্রেড অর্গেনাইজেচনৰ বাণিজ্য সন্মিলনৰ উদ্বোধনী ভাষণতো শুনিবলৈ পোৱা গ’ল প্রধানমন্ত্রীৰ কণ্ঠত। তেওঁৰ মতে, এতিয়াও স্বাধীনতাৰ ৭৫তম বর্ষত বিদেশী পণ্য নির্ভৰতা দাসত্ব। সেই দাসত্বৰ পৰা ওলাই আহিব লাগিব। কিন্তু বাস্তৱত দেখা গৈছে এহাতে যেনেদৰে ৰপ্তানি বাঢ়িছে, তেনেদৰেই ঊর্ধ্বমুখী হৈছে আমদানিৰ হাৰো। ৰপ্তানি বাঢ়ি হৈছেগৈ ৪০ হাজাৰ কোটি ডলাৰ। আমদানিও বাঢ়ি হৈছে ৬১ হাজাৰ কোটি ডলাৰ। সম্প্রতি বাণিজ্যমন্ত্রী পীযূষ গোৱেলে ৰপ্তানিৰ সাফল্যক লৈ মোদী চৰকাৰৰ জয়ধ্বনি দিছে। কিন্তু আমদানিও যে একেদৰে বাঢ়িছে সেয়াও বাস্তৱ। কেৱল চীনৰ লগতেই বাণিজ্য ঘাটি হৈছে ৭৭০ কোটি ডলাৰৰ। ফেডাৰেচন অব ইণ্ডিয়ান এক্সপর্ট অর্গেনাইজেচনৰ প্ৰতিবেদন অনুযায়ী ইলেকট্রিকেল, ইলেকট্রনিক্স, সাৰ, যন্ত্রাংশ, ঔষধৰ কেঁচামাল ইত্যাদিৰ ক্ষেত্রত চীনৰ পৰা আমদানিৰ হাৰ এতিয়াও বহু বেছি। অর্থাৎ প্রধানমন্ত্রীয়ে স্বদেশীয়ানাৰ দাবী কৰিলেও আত্মনির্ভৰ ভাৰতৰ প্রচাৰ বাস্তৱত ব্যর্থ হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More