মোৰ মৃত্যু হ’ব ‘ৰহস্যময় পৰিস্থিতিত’ঃ এলন মাস্কৰ নতুন টুইটক লৈ চর্চা

0 43

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মে’ : জীৱনলৈ সংশয় আহিছে টেচলাৰ মুৰব্বী এলন মাস্কৰ। ৯ মে’ সোমবাৰে এক টুইটত তেওঁ তেনে ধৰণৰেই ইঙ্গিত দিছে। টুইটত তেওঁ লিখিছে যে তেওঁৰ মৃত্যু হ’ব ‘ৰহস্যময় পৰিস্থিতিত।’ সম্প্রতি ৪,৪০০ কোটি ডলাৰৰ বিনিময়ত টুইটাৰ কিনিছে এলন মাস্কে। ভাৰতীয় মুদ্রাত যি প্রায় ৩ লাখ ৩৬ হাজাৰ ৭০২ কোটি ৫২ লাখ টকা। তাৰ ঠিক এক সপ্তাহ পিছতে তেওঁ নিজৰ প্রাণ সংশয়ৰ আশঙ্কাক লৈ টুইট কৰিছে। সেই টুইটত তেওঁ লিখিছে— ‘মোৰ যদি কোনো ৰহস্যময় পৰিস্থিতিত মৃত্যু হয়! জানি ভাল লাগিছে।’ এই পোষ্টৰ ঠিক এঘণ্টা আগেয়ে তেওঁ এজন ৰাছিয়ান বিষয়াৰ পোষ্ট চেয়াৰ কৰে। যিটো পোষ্টত উক্ত বিষয়াই লিখিছিল— ইউক্রেইনলৈ অস্ত্র আৰু সেনা পঠাইছে পেন্টাগনে। এই সেনা আৰু অস্ত্র পঠোৱাৰ লগত এলন জড়িত। তেওঁ আৰু লেখিছে— ‘আপুনি যিমানেই আনক মূৰ্খ সজোৱাৰ চেষ্টা নকৰক কিয়, ইয়াৰ বাবে আপুনিয়েই দায়ী।’ ইটোৰ পিছত সিটো এই দুটা পোষ্টক কেন্দ্র কৰি জল্পনা কল্পনা আৰম্ভ হৈছে— তেন্তে কি এলনক প্রাণে মৰাৰ ভাবুকি দিছে ৰাছিয়াই? এই বিষয়ত এলনে একোৱেই স্পষ্টকৈ নক’লেও তেওঁৰ টুইট দুটাৰ পৰা তেনেদৰেই অনুমান কৰা হৈছে। ফেব্রুৱাৰীত যুদ্ধবিধ্বস্ত ইউক্রেইনত উপগ্রহৰ মাধ্যমে ব্রডবেণ্ড পৰিসেৱা দিছিল এলন মাস্কৰ সংস্থ স্পেচ এক্স ষ্টাৰলিঙ্কে। সেই কাৰণেই কি ইউক্রেইনক অস্ত্র সৰবৰাহৰ নেপথ্যত টেচলাৰ মুৰব্বীৰ হাত আছে বুলি অনুমান কৰিছে ৰাছিয়াই? এলনৰ দুয়োটা টুইটৰ পিছত সেই যুক্তিয়েই উঠি আহিছে। তাকে লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চলিছে চৰ্চা আৰু প্ৰতিক্ৰিয়া।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More