ম্যানমাৰৰ পৰা অৰুণাচলত প্ৰৱেশ কৰা ৫ দুৰ্ধৰ্ষ মণিপুৰী উগ্ৰপন্থী আটক

0 31

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ জুন : আছাম ৰাইফলছৰ চাংলাং বেটেলিয়ন আৰু স্থানীয় আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত দুদিন ধৰি চলোৱা তীব্ৰ অভিযানত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পৰা নিষিদ্ধ ঘোষিত সংগঠন পিপুলছ ৰিভলিউশ্বনেৰী পাৰ্টি অৱ কাংলেইপাক, ৰেড আৰ্মীৰ (প্ৰিপাক-আৰ এ) ৫ দুৰ্ধৰ্ষ সদস্যক আটক কৰিবলৈ সক্ষম হৈছে । জানিব পৰা মতে উগ্ৰপন্থী সংগঠনৰ সদস্যৰ গতিবিধিৰ বিষয়ে নিৰ্ভৰযোগ্য সূত্ৰে খবৰ লাভ কৰাৰ পাছত আছাম ৰাইফলছ আৰু চাংলাং আৰক্ষীয়ে যুটীয়াভাৱে অভিযান আৰম্ভ কৰে । অভিযানকালত জিলাখনৰ খিময়ং চক্ৰৰ লংকে মাকাংটং অঞ্চলৰ পৰা দলটোৱে ’প্ৰিপাক-আৰ এ’ৰ ৫ দুৰ্ধৰ্ষ সদস্যক আটক কৰে । আটকাধীন কেওজনেই হৈছে মণিপুৰৰ । ধৃত ‘প্ৰিপাক-আৰ এ’ৰ সদস্যকেইজন হ’ল ক্ৰমে স্বয়ম্ভূ মেজৰ কে টম্বা ওৰফে লিয়াংগাম্বা মেইটি (৩২), ছাৰ্জেণ্ট মেজৰ মায়ামুং জিমিক ওৰফে আগাম্বা (২৫), ছাৰ্জেণ্ট মেজৰ নাওচা সিং ওৰফে নকুল (৩৪), ছাৰ্জেণ্ট আবংচা ওৰফে অশোক (২৮) আৰু কৰ্পৰেল ছালাম ছাম্বা ওৰফে থৌবা (৩২) । ম্যানমাৰত প্ৰশিক্ষণ গ্ৰহণ কৰি ৫ জনীয়া দলটোৱে ম্যানমাৰৰ পৰা অৰুণাচলত প্ৰৱেশ কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More