মৰ্মন্তুদঃ তেজপুৰত বানত নিহত কিশোৰৰ শেষকৃত্য সম্পূৰ্ণ নহ’ল
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৯জুন: তেজপুৰ চহৰৰ নিকটৱৰ্তী চাৰিদুৱাৰ ৰাজহ চক্ৰ অন্তৰ্গত বাঁহবাৰী ডেকাচুবুৰীত বানত নিহত এটি কিশোৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব নোৱৰা এক কৰুণ ঘটনা পোহৰলৈ আহিছে। ঘগৰা নৈৰ বাঢ়নি পানীয়ে একাকাৰ কৰিছে ডেকাচুবুৰীৰ লগতে কাষৰীয়া অঞ্চল সমূহ। নৈ,পথ আৰু কৃষিপথাৰৰ চিন চাব নোহোৱা এই সংহাৰী বানত ১৭জুনৰ বিয়লি প্লাৱিত পথৰে আহি থকা অৱস্থাত ৰণজিৎ মুণ্ডা(জিন্তু) নামৰ কিশোৰজনক উটুৱাই নিছিল পানীৰ প্ৰৱল সোঁতে। প্ৰত্যক্ষদৰ্শী একাংশ লোকে কিশোৰজনক তৎপৰতাৰে পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও কিশোৰজনৰ মৃত্যু ঘটে। কালি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত বিয়লি কিশোৰজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ গৈ আন এক বিপৰ্যয়ৰ সন্মুখীন হয় স্থানীয় ৰাইজ। ঘগৰা ডেকাচুবুৰী ৰাজহুৱা শ্মশানখনো প্লাৱিত হয় কালিৰে পৰা। পূৰ্বে কেতিয়াও প্লাৱিত নোহোৱা ওখ স্থানত থকা শ্মশানখন কালি বিয়লিৰ পৰা আৰম্ভ হোৱা ধাৰাষাৰ বৰষুণৰ পাছতে অঞ্চলটোত পানীৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰে আৰু এই ৰাজহুৱা শ্মশানো প্লাৱিত হয়। পৰিস্থিতি এনে হয় গৈ যে,শোকাবহ মৃত্যুক সাৱটিব লগীয়া হোৱা কিশোৰজনৰ অন্ত্যেষ্টিক্ৰিয়া আধাতে এৰিব লগীয়া হয়। প্ৰণিধানযোগ্য যে,মাদু মুণ্ডা আৰু মাংৰী মুণ্ডাৰ চাৰি পুত্ৰ সন্তান আৰু এগৰাকী কন্যাৰ ভিতৰত ইয়াৰ পূৰ্বে দুই পুত্ৰৰ অসুস্থতাৰ বাবেই মৃত্যু ঘটিছে। দিনহাজিৰা কৰি কোনোমতে চলি থকা পৰিয়ালটোৰ তৃতীয়টি সন্তানৰ শোকাৱহ মৃত্যু আৰু ইয়াৰ পাছৰ কৰুণ পৰিস্থিতিয়ে ৰাইজক শোকবিহ্বল কৰিছে। উল্লেখযোগ্য যে,স্থানীয় ডেকাচুবুৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ আছিল নিহত ৰণজিৎ। এক অকল্পনীয় পৰিস্থিতিয়ে বিৰাজ কৰা এই অঞ্চলত বিশেষকৈ ডেকাচুবুৰী আৰু কাষৰীয়া বেতনিঝাৰত বৰ্তমান ১৬০টা পৰিয়াল বানৰ মাজতে থাকিবলগীয়া হৈছে। খাদ্যৰ বাবে হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা এই পৰিয়াল সমূহৰ শিশুসকলক যোৱা পাঁচদিনে বিস্কুট খুৱাৱেই ৰাখিবলগীয়া হোৱা বুলি অভিযোগ কৰি বন্যাক্ৰান্ত সকলে কয় যে,তেওঁলোকে চৰকাৰী সাহায্যৰ নামত এই পৰ্যন্ত কুটা এডালো লাভ কৰা নাই। আনহাতে,এই অঞ্চলৰ সমীপৰে ঘগৰা খেলমাটি অঞ্চলত কালি বিয়লি হোৱা ধৰাষাৰ বৰষুণৰ পাছতে ভয়ংকৰ ৰূপ ধাৰণ কৰা বাঢ়নি পানীয়ে এটা পকী কালভাৰ্ট ছিঙি নিয়াত এই অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। সম্প্ৰতি জৰাসৰ নৈৰ বাঢ়নি পানীয়ে তেজপুৰৰ নিকটৱৰ্তী মিটচাপ্লাই অঞ্চল পৰ্যন্ত প্লাৱিত কৰিছে। বানৰ কবলত পৰা বহু সংখ্যক লোকে লঘোণে ভোকে দিন অতিবাহিত কৰিবলগীয়া হৈছে।