যদি আপোনাৰ হাতত SBI ৰ এই কাৰ্ড আছে তেন্তে ৫০ লাখ টকাৰ সুবিধা পাব! বিমান আৰু ৰে’লৰ টিকটতো পাব বিপুল ৰেহাই
আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল, কাৰ্ডধাৰীৰ যাতায়তৰ সময়ত কোনো দুৰ্ঘটনা সংঘটিত হ’লেও ক্ষতিপূৰণ দিয়া হ’ব। এই প্ৰসংগত লাভ কৰা তথ্য অনুসৰি জনা গৈছে যে কাৰ্ডধাৰীয়ে যদি ৰে’ল দুৰ্ঘটনাৰ সন্মুখীন হয় তেন্তে ১০ লাখ টকাৰ বীমা লাভ কৰিব।
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ডিচেম্বৰ : আজিকালি গ্ৰাহকক মনত ৰাখি বেংকে তেওঁলোকৰ সুবিধাৰ বাবে বিভিন্ন অভিনৱ পদক্ষেপ গ্ৰহণ কৰে। লগতে এই ডিজিটেল যুগত প্ৰায় সকলোৰে হাতত ক্ৰেডিট কাৰ্ড আছে যিবোৰত একাধিক সুবিধা উপলব্ধ; যাৰ জৰিয়তে মিলাব পাৰি। এই ক্ষেত্ৰত শেহতীয়াকৈ গ্ৰাহকৰ বাবে আই আৰ চি টি চি-এছ বি আই ক্ৰেডিট কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে। মূলতঃ ভ্ৰমণকাৰীৰ দিশটো বিবেচনা কৰি এই কাৰ্ডখন বজাৰলৈ অনা হৈছে।
আই আৰ চি টি চি-এছ বি আই ক্ৰেডিট কাৰ্ডৰ জৰিয়তে গ্ৰাহকে বিভিন্ন সুবিধাৰ লগতে বিমান আৰু ৰে’ল উভয় টিকট ৰেহাই মূল্যত লাভ কৰিব। লগতে এই কাৰ্ডৰ জৰিয়তে ধন পৰিশোধ কৰাৰ সময়ত পেট্ৰ’ল-ডিজেল চাৰ্জো ৰেহাই দিয়া হয়। তাৰ ওপৰত গ্ৰাহকে ৰে’লৱে লাউঞ্জতো বিনামূলীয়াকৈ প্ৰৱেশৰ সুবিধা লাভ কৰিব। এই প্ৰসংগত আমি আপোনাক কওঁ যে আপুনি যিমানেই এই ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব সিমানেই কাৰ্ডত অধিক পইণ্ট পাব। এনে ক্ষেত্ৰত আপুনি আপোনাৰ IRCTC ID লৈ এপটোত লগ ইন কৰি এই কাৰ্ডৰ জৰিয়তে প্ৰয়োজনীয় টিকট ক্ৰয় কৰিব পাৰিব। ইয়াৰ উপৰি আই আৰ চি টি চিৰ মোবাইল এপ আৰু ৱেবছাইটত গৈয়ো এইদৰে উপাৰ্জন কৰা পইণ্ট ৰিডিম কৰিব পাৰিব।
আই আৰ চি টি চি-এছ বি আই ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিলে আন কেইবাটাও সুবিধাও পোৱা যায়। এই কাৰ্ডৰ জৰিয়তে কাৰ্ডধাৰীয়ে প্ৰতি ৩ মাহত দুবাৰকৈ ৰে’লৱে লাউঞ্জত প্ৰৱেশ কৰিব পাৰিব। কেৱল সেয়াই নহয়, এই ক্ষেত্ৰত জালিয়াতি হ’লে এক লাখ টকাৰ বীমা ক্ষতিপূৰণৰো ব্যৱস্থা কৰা হ’ব। ইফালে বিমানৰ টিকটত ৫ শতাংশ ৰেহাই লাভ কৰিব।
মন কৰিবলগীয়া যে এই কাৰ্ডৰ সঞ্চিত পইণ্ট টিকট বুকিঙৰ বাবে ব্যৱহাৰ কৰিব পাৰি। তেনে ক্ষেত্ৰত সেই পইণ্টটো ব্যৱহাৰ কৰি টিকটৰ মূল্যত ৰেহাই লাভ কৰিব পাৰি। ফলত ভ্ৰমণৰ সামগ্ৰিক খৰচ কমি যায়। যদি কোনো ব্যক্তিয়ে এবছৰৰ ভিতৰত ভ্ৰমণৰ জৰিয়তে ৫০ হাজাৰ টকা খৰচ কৰে তেন্তে এই কাৰ্ডত ২৫০০ পুৰস্কাৰ পইণ্ট পাব। এই ক্ষেত্ৰত কোনোবাই যদি এবছৰত এক লাখ টকা খৰচ কৰে তেন্তে ৫ হাজাৰ পুৰস্কাৰ পইণ্ট পাব।
আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল, কাৰ্ডধাৰীৰ যাতায়তৰ সময়ত কোনো দুৰ্ঘটনা সংঘটিত হ’লেও ক্ষতিপূৰণ দিয়া হ’ব। এই প্ৰসংগত লাভ কৰা তথ্য অনুসৰি জনা গৈছে যে কাৰ্ডধাৰীয়ে যদি ৰে’ল দুৰ্ঘটনাৰ সন্মুখীন হয় তেন্তে ১০ লাখ টকাৰ বীমা লাভ কৰিব। ইয়াৰ উপৰি এই কাৰ্ডৰ জৰিয়তে ক্ৰয় কৰা টিকটত যাত্ৰা কৰি যাওঁতে যদি কাৰ্ডধাৰীৰ দুৰ্ঘটনাত মৃত্যু হয় তেন্তে তেওঁৰ নিকট আত্মীয়ই লাভ কৰিব ৫০ লাখ টকা।