যদি ল’ৰা-ছোৱালী পুৱা ৭ বজাত স্কুললৈ যাব পাৰে…’, উচ্চতম ন্যায়ালয় সন্দৰ্ভত ন্যায়াধীশ

0 39
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুলাই : সাধাৰণতে পুৱা ১০:৩০ বজাৰ পৰা উচ্চতম ন্যায়ালয়ৰ কাম আৰম্ভ হয়। কিন্তু সেই পৰম্পৰা ভংগ কৰি ১৫ জুলাই শুকুৰবাৰে পুৱা ৯:৩০ বজাত ন্যায়াধীশ ইউ ইউ ললিত, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ সুধাংশু ধুলীয়াৰ বিচাৰপীঠে কাম আৰম্ভ কৰে। ন্যায়াধীশ ললিতে কয়, “যদি ল’ৰা-ছোৱালীয়ে ৰাতিপুৱা ৭ বজাতে স্কুললৈ যাব পাৰে, তেন্তে ন্যায়াধীশ আৰু অধিবক্তাই ৰাতিপুৱা ৯ বজাত দিনটোৰ কাম আৰম্ভ কৰিব নোৱাৰে কিয়? ” ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’বলৈ গৈ আছে ন্যায়াধীশ ললিত। উচ্চতম ন্যায়ালয়ত এইজন ন্যায়াধীশৰ বক্তব্য— “মোৰ মতে, আদৰ্শগতভাৱে আমি ৰাতিপুৱা ৯ বজাত বহিব লাগে। মই সদায় কৈ আহিছোঁ, যদি আমাৰ ল’ৰা-ছোৱালী ৰাতিপুৱা ৭ বজাত স্কুললৈ যাব পাৰে, তেন্তে আমি কিয় ৰাতিপুৱা ৯ বজাত আহিব নোৱাৰো?’’ প্ৰসংগক্ৰমে এটা গোচৰ শুনানিৰ পিছত অধিবক্তা মুকুল ৰোহতাগীয়ে বিচাৰপীঠখনক প্ৰশংসা কৰিছিল যে, তেওঁ আগতে কামত লাগিছিল। তাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়াধীশ ললিতে এই মন্তব্য কৰিছে। ন্যায়াধীশ ললিতে কয় যে, আদালতে ৰাতিপুৱা ৯ বজাত কাম আৰম্ভ কৰিব পাৰে আৰু ১১:৩০ বজাত আধা ঘণ্টাৰ বিৰতি ল’বলৈ উঠিব পাৰে। তাৰ পিছত দিনটোৰ কাম শেষ কৰিব পাৰিব বিয়লি ২ বজাৰ ভিতৰত। এনে কৰিলে ন্যায়াধীশসকলে সন্ধিয়া আন কাম কৰিবলৈ অধিক সময় পাব। মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে পুৱা ১০:৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ গোচৰৰ শুনানি গ্ৰহণ কৰিছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই অহা ২৬ আগষ্টত অৱসৰ ল’ব আৰু ন্যায়াধীশ ললিতে তেওঁৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰি চলিত বৰ্ষৰ ৮ নৱেম্বৰলৈকে কাৰ্যভাৰ চম্ভালিব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More