য়েছে দৰজে ঠংচিলৈ অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা

0 31

অসম সাহিত্য সভাৰ অন্যতম এই বিশিষ্ট সন্মান লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ অৰুণাচল প্ৰদেশৰ প্ৰসিদ্ধ অসমীয়া সাহিত্যিক পদ্মশ্রী য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে। মঙলদৈত ১ জুনত অসম সাহিত্য সভাই তেওঁক এই বঁটা প্ৰদান কৰিব। বঁটাত আছে বঁটা স্মাৰক, সম্বর্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, সম্বর্ধনা বস্ত্ৰ আৰু পঁচিশ হাজাৰ টকাৰ চেক।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ মে’ : অসম সাহিত্য সভাই ২০২১ বৰ্ষৰ লুম্মেই দাই সাহিত্য বঁটা ঘোষণা কৰিছে। অসম সাহিত্য সভাৰ অন্যতম এই বিশিষ্ট সন্মান লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ অৰুণাচল প্ৰদেশৰ প্ৰসিদ্ধ অসমীয়া সাহিত্যিক পদ্মশ্রী য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে। সাহিত্য অকাডেমী বঁটা প্ৰাপক তথা পদ্মশ্ৰী য়েছে দৰজে ঠংচিলৈ এই বঁটা আগবঢ়োৱাৰ কথা আজি ঘোষণা কৰে অসম সাহিত্য সভাই। মঙলদৈত ১ জুনত অসম সাহিত্য সভাই তেওঁক এই বঁটা প্ৰদান কৰিব। এই কথা সদৰি কৰিছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই। অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আৰু মঙলদৈ জিলা সাহিত্য সভা তথা মঙলদৈ প্ৰেছ ক্লাবৰ সহযোগত মঙলদৈ জিলা পুথিভঁৰাল প্রেক্ষগৃহত এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত বঁটাপ্রাপক পদ্মশ্রী য়েছে দৰজে ঠংচিৰ লগতে কেইবাগৰাকী বিশিষ্ট লেখক-সাহিত্যিক অতিথিৰূপে উপস্থিত থাকিব। এই বঁটাত আছে বঁটা স্মাৰক, সম্বর্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, সম্বর্ধনা বস্ত্ৰ আৰু পঁচিশ হাজাৰ
টকাৰ চেক। দুবছৰৰ মূৰে মূৰে প্ৰদান কৰা এই বঁটাটো ইয়াৰ আগতে লাভ কৰিছিল স্বৰ্ণ বৰা (২০০৯), বসন্ত দাস (২০১১), কেংচাম কেংলাং (২০১৩), দিলীপ বৰা (২০১৫), তিলোত্তমা মিশ্ৰ (২০১৭) আৰু পদ্মশ্রী ৰংবং তেৰাঙে (২০১৯)।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More