যিকোনো মুহূৰ্তত মেঘালয়ে এৰিব পাৰে পানী

0 26
মেঘালয়ৰ বৰাপানীত অৱস্থিত উমিয়াম লেকৰ পানীৰ জলস্তৰ বৃদ্ধি পোৱাত মেঘালয় চৰকাৰে অতিৰিক্ত পানী এৰিবলৈ বাধ্য হ’ব বুলি জাননী যোগে জনোৱা হৈছে। ৰিভ’ই জিলাৰ উপায়ুক্তই কামৰূপ মেট্ৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে পত্র।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৮ জুনঃ চুবুৰীয়া ৰাজ্য মেঘালয়ে যি কোনো মুহূৰ্ততে পানী এৰিব পাৰে। এই সতৰ্কবাণী জাৰি কৰিছে মেঘালয়ৰ ৰিভ’ই জিলাৰ উপায়ুক্তই। গুৱাহাটী মহানগৰীৰ কৃত্রিম বানৰ লগতে ৰাজ্যৰ চাৰিওফালে বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে মেঘালয় চৰকাৰৰ এই সতৰ্কবাণীয়ে পৰিস্থিতি আৰু অধিক জটিল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বিশেষকৈ কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্যত পৰিস্থিতি অবনতি হোৱাৰ সম্ভাৱনা আছে। উল্লেখ যে গুৱাহাটী মহানগৰীৰ লগতে কামৰূপ গ্ৰাম্যৰ ছয়গাঁও, ৰামপুৰ, নহিৰা, জিয়াকুৰ , কুকুৰমাৰাকে ধৰি বকো আদি অঞ্চলক কেন্দ্ৰ কৰি বিশেষভাৱে সতৰ্কবাণীm জাৰি কৰিছে মেঘালয় চৰকাৰে। নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত প্ৰলয়ংকাৰী বানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্ৰ ৰাজ্য এতিয়া বানত বিধ্বস্ত হৈ পৰিছে। সেই সময়তে মেঘালয় চৰকাৰে এই বিশেষ সতৰ্কবাণী জাৰি কৰাত একপ্ৰকাৰ আতংকৰ সৃষ্টি হৈছে। মেঘালয়ৰ বৰাপানীত অৱস্থিত উমিয়াম লেকৰ পানীৰ জলস্তৰ বৃদ্ধি পোৱাত মেঘালয় চৰকাৰে অতিৰিক্ত পানী এৰিবলৈ বাধ্য হ’ব বুলি জাননী যোগে জনোৱা হৈছে। ৰিভ’ই জিলাৰ উপায়ুক্তই কামৰূপ মেট্ৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তলৈ পত্র প্ৰেৰণ কৰি ৰাইজক আগতীয়াকৈ সতৰ্ক কৰি দিয়াৰ বাবে আহ্বান জনাইছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More