যুদ্ধৰ প্রভাৱ ভাৰতীয় অর্থনীতিতঃ বিগত বছৰৰ তুলনাত কমিল অর্থনৈতিক বৃদ্ধি

0 45
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ মে’ : ইউক্রেইনৰ যুদ্ধই সমগ্ৰ বিশ্বৰ জিডিপিৰ ওপৰত প্রভাৱ পেলাইছে। স্বাভাৱিকতে তাৰ প্রভাৱ ভাৰততো পৰিছে। কাৰণ এই বছৰ ভাৰতৰ ডিডিপি বাঢ়িলেও সেয়া মাত্র ৬.৪ শতাংশ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। বিগত বছৰৰ তুলনাত যি বহুত ধীৰ গতিসম্পন্ন বুলি জনা গৈছে। কাৰণ বিগত বছৰত সেয়া আছিল ৮.৮ শতাংশ। এনেদৰেই কোৱা হৈছে ৰাষ্ট্রসংঘৰ এক প্রতিবেদনত। ইয়াৰ ফলত ব্যক্তিগত খৰচ কমিব আৰু বিনিয়োগ কমিব দেশত। ৰাষ্ট্রসংঘৰ অর্থনৈতিক আৰু সামাজিক বিষয়ক বিভাগে যোৱা ১৮ মে’ বুধবাৰে প্রকাশ কৰা বিশ্ব অর্থনৈতিক পৰিস্থিতি আৰু সম্ভাৱনা (WESP) প্রতিবেদনত কোৱা হৈছে যে, ইউক্রেইনৰ যুদ্ধই মহামাৰীত ভঙ্গুৰ অর্থনীতিক পুনৰুদ্ধাৰ কৰাত বাধা দিছে। ইউৰোপত যিটোৱে এক বিধ্বংসী মানৱিক সংকটৰ সূত্রপাত কৰিছে, খাদ্য আৰু পণ্যৰ দাম বৃদ্ধি পাইছে। বিশ্বব্যাপী মুদ্রাস্ফীতি হৈছে। বৈশ্বিক অর্থনীতি এতিয়া ২০২২ চনত মাত্র ৩.১ শতাংশ বৃদ্ধি পাব, যি ২০২২ চনৰ জানুৱাৰীত প্রকাশিত ৪.০ শতাংশ বৃদ্ধিৰ পূর্বাভাসতকৈ কম। ২০২২ চনত বৈশ্বিক মুদ্রাস্ফীতি ৬.৭ শতাংশলৈ বাঢ়িব বুলি অনুমান কৰা হৈছে, যিটো এই সময়ত গড়ে ২.৯ শতাংশৰ দ্বিগুণ।প্রতিবেদনত কোৱা হৈছে যে, ইউক্রেইন যুদ্ধৰ পটভূমিত আৰু মার্কিন যুক্তৰাষ্ট্রয আর্থিক অৱস্থা বেয়া হোৱাৰ কাৰণে পণ্যৰ উচ্চ মূল্য আৰু সম্ভাৱ্য নেতিবাচক প্রভাৱৰ কাৰণে সাম্প্রতিক মাহকেইটাত দক্ষিণ এছিয়াৰ দেশৰ অৱস্থা বেয়া হৈছে। আঞ্চলিক অর্থনৈতিক উৎপাদন ২০২২ চনত ৫.৫ শতাংশ প্রসাৰিত হ’ব বুলি অনুমান কৰা হৈছে, যিটো জানুৱাৰীত প্রকাশিত পূর্বাভাসতকৈ ০.৪ শতাংশ পইন্ট কম। ভাৰত এই অঞ্চলৰ বৃহত্তম অর্থনীতি। ইয়াত ২০২২ চনত অর্থনৈতিক উৎপাদন ৬.৪ শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছে, ২০২১ চনৰ বৃদ্ধিৰ তুলনাত যিটো কম। কাৰণ উচ্চ মুদ্রাস্ফীতিৰ চাপ আৰু শ্রম বজাৰৰ অসম পুনৰুদ্ধাৰে ব্যক্তিগত খৰচ আৰু বিনিয়োগ কমাই দিব। ২০২৩ বিত্তীয় বর্ষৰ বাবে ভাৰতৰ বৃদ্ধি ৬ শতাংশ হোৱাৰ পূর্বাভাস দিয়া হৈছে। গ্ল’বেল ইক’নমিক মনিটৰিং শাখা, অর্থনৈতিক বিশ্লেষণ আৰু নীতি বিভাগ বিশেষজ্ঞ হামিদ ৰছিদে ৰাষ্ট্রসংঘৰ সদৰ কাৰ্যালয়ত সাংবাদিকসকলল কয়, পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ বাদে বিশ্বৰ প্রায় সকলো অঞ্চলেই উচ্চ মুদ্রাস্ফীতিৰ দ্বাৰা প্রভাৱিত। তেওঁ কয় যে, ভাৰত সেই অর্থত কিছু ভাল অৱস্থানত আছে, কাৰণ এই দেশে লেটিন আমেৰিকাৰ অন্যান্য দেশৰ তুলনাত আর্থিক দুৰৱস্থা সহ্য কৰিবলগীয়া হোৱা নাই। ব্রাজিলত বাৰে বাৰে সুদৰ হাৰ বাঢ়িছে। আশা কৰিব পাৰি যে, ভাৰতত পৰৱৰ্তী বছৰ আৰু আগন্তুক দুবছৰত শক্তিশালী হ’ব অর্থনীতি; কিন্তু বাহ্যিক ক্ষেত্ৰৰ পৰা অহা নেতিবাচক চাপসমূহ সম্পূৰ্ণ ওফৰাই দিব পাৰিব লাগিব। প্রতিবেদনত আৰু যোগ কৰা হজছে যে, উচ্চ মূল্য আৰু সাৰসহ কৃষি উপকৰণৰ ঘাটি এই অঞ্চলত অব্যাহত থকাৰ সম্ভাৱনা আছে; যি বাংলাদেশ, ভাৰত, পাকিস্তান আৰু শ্রীলঙ্কাৰ কৃষিক্ষেত্ৰত নেতিবাচক প্রভাৱ পেলাব। ইয়াৰ সম্ভৱতঃ দুর্বল ফচলৰ ফলস্বৰূপ আৰু নিকটৱর্তী সময়ত খাদ্যৰ দামৰ ওপৰত আৰু ঊর্ধ্বমুখী চাপ সৃষ্টি কৰিব। কোৱা হৈছে যে, উচ্চ বিদ্যুতৰ দামৰ সমান্তৰালভাৱে খাদ্যৰ উচ্চ মূল্যই সম্ভৱতঃ অঞ্চলজুৰি খাদ্য নিরাপত্তাহীনতা বাড়িয়ে তুলবে। এই অঞ্চলে মূল্যস্ফীতি ২০২১ চনৰ ৮.৯ শতাংশৰ পৰা ২০২২ চনত ৯.৫ শতাংশলৈ উঠিব। মহামাৰীয়ে বহু দেশত বৃহৎ ৰাজস্ব ঘাটিৰ সৃষ্টি কৰিছে। শ্রীলঙ্কা বর্তমানে বিশাল ঋণ সংকটৰ সন্মুখীন আৰু তাৰ অর্থনীতিক সংকটৰ পৰা বাহিৰ কৰি আনিবলৈ এক নতুন আইএমএফ-সমর্থিত কর্মসূচীক লৈ আলোচনা কৰিছে বুলিও কোৱা হৈছে। ৰাষ্ট্রসংঘৰ মহাসচিব এণ্টনিঅ’ গুতেৰেছে কৈছে যে, ইউক্রেইনৰ যুদ্ধই এক সঙ্কট সৃষ্টি কৰিছে যি বিশ্বব্যাপী ইন্ধন বজাৰকো ধ্বংস কৰিছে, আর্থিক ব্যৱস্থাক ব্যাহত কৰিছে আৰু উন্নয়নশীল বিশ্বৰ বাবে চৰম দুর্বলতা বঢ়াই তুলিছে। তেওঁ কয় যে, মুকলি বজাৰত খাদ্য আৰু শক্তিৰ স্থিতিশীল প্রবাহ নিশ্চিত কৰাৰ বাবে দ্রুত আৰু নিষ্পত্তিমূলক পদক্ষেপৰ প্রয়োজন।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More