যুদ্ধৰ ১০০ দিনত ইউৰোপীয় ইউনিয়নক তেল বিক্রী কৰি ৯৮ বিলিয়ন ডলাৰ আয় ৰাছিয়াৰ

0 16
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুনঃ ‘‘আগফালে মাৰোঁ ডাং, পিছফালে ধোবাং বাং’’।— ইউৰোপীয় ইউনিয়নৰ অৱস্থা এতিয়া এনেকুৱাই হৈছে। ইউক্রেইন আক্রমণৰ কাৰণে আৰম্ভণিৰ পৰাই ৰাছিয়াৰ ওপৰত এটাৰ পিছত আন এটা নিষেধাজ্ঞা জাৰি কৰিছে ইউৰোপীয় ইউনিয়নে। কিন্তু সম্প্রতি এক প্রতিবেদনত দাবী কৰা হৈছে যে, যুদ্ধৰ ১০০ দিনত ইউৰোপীয় ইউনিয়নক তেল বিক্রী কৰি ৰাছিয়াই ৯৮ বিলিয়ন ডলাৰ আয় কৰিছে। এক প্রতিবেদনত দাবী কৰা হৈছে যে, যুদ্ধৰ প্রথম ১০০ দিনত তেল আৰু গেছ ৰপ্তানিৰ পৰা ৰাছিয়াৰ ৰাজহ ৰেকর্ড উচ্চতাত উপনীত হৈছে। মস্কোৱে ৯৩ বিলিয়ন ইউৰো (৯৮ বিলিয়ন ডলাৰ) আয় কৰিছে। এই আয়ৰ বেছিভাগেই ইউৰোপীয় ইউনিয়নৰ গ্রাহকৰ পৰা আহিছে। ফিনলেণ্ডৰ চেন্টাৰ ফৰ ৰিচার্চ অন এনার্জি এণ্ড ক্লিন এয়াৰ (CREA)ৰ ৰিপ’র্টত কোৱা হৈছে যে, ৰাছিয়ান তেল, গেছ আৰু কয়লাৰ শীর্ষ ক্রেতা চীন (১২.৬ বিলিয়ন ইউৰো) তাৰ পিছতেই আছে জার্মানী (১৩.১ বিলিয়ন ইউৰো) আৰু ইটালি (৭.৮ বিলিয়ন ইউৰো)। ইউৰোপীয়ান ইউনিয়ন যোৱা মাহত ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ কৰিবলৈ সন্মত হৈছিল যদিও ৰাছিয়ান গেছৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা নাছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More