‘যেতিয়াই তেতিয়াই বিহু পতা অসমীয়া জাতিয়ে আত্ম-সংশোধন নকৰিলে কালৰ গতিত অচিৰেই হেৰাই যাব’

ঐকতান’ৰ শিক্ষাসেৱী বঁটা প্ৰদান অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি ক’লে ডা° হৰেন শইকীয়াই

0 22

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ , লখিমপুৰ: ৫ এপ্ৰিল : IMG 20230404 WA0018“অসমীয়া জাতিয়ে কম দিনৰ ভিতৰতে স্বকীয়তা হেৰুওৱাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ৷ উৎসৱ প্ৰিয় নিষ্কৰ্মা জাতিত পৰিণত হোৱা জাতিটোৱে বিহুৰ নামতে গোটেই বছৰটো অৰ্থহীন আনন্দত আত্মহাৰা হৈ পাৰ কৰি দিয়ে ৷ ’সাম্প্ৰতিক সময়: আহ্বান, প্ৰত্যাহ্বান আৰু আমাৰ কৰণীয়’ শীৰ্ষক এক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰি এই মন্তব্য প্ৰদান কৰে বিশিষ্ট চিন্তাবিদ, চিকিৎসক ডা° হৰেন শইকীয়াই। ২ এপ্ৰিলত লখিমপুৰৰ অন্যতম স্বেচ্ছাসেৱী শৈক্ষিক-সামাজিক সংগঠন ঐকতানৰ ষষ্ঠ বাৰ্ষিক বক্তৃতানুষ্ঠান আৰু ঐকতান শিক্ষাসেৱী বঁটা -২০২১-২২” প্ৰদান অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি ডা° শইকীয়াই লগতে কয়, সংস্কৃতিক লৈ অসমীয়াই কেৱল প্ৰতিযোগিতা পাতে। উৎসৱ উদ্‌যাপনৰ আচিলা লৈ গৰিষ্ঠ সংখ্যক অসমীয়াই বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱনত মত্ত হৈ পৰে, মনত ৰখা দৰকাৰ যে ব’হাগ জেঠ কিম্বা কাতি আঘোন বুলি কথা নাই-যেতিয়াই তেতিয়াই অসমীয়াই বিহু পাতে, শৰৎ হেমন্ত বুলি কথা নাই-যেতিয়াই তেতিয়াই ৰাস পাতে ৷ এনে জাতি এটাৰ ভৱিষ্যৎ অন্ধকাৰ হ’বই বুলি মন্তব্য কৰি আত্ম বিশ্লেষণ আৰু সংশোধনৰ আহ্বান জনায় ৷ লখিমপুৰ জিলাৰ নৰাগাঁৱৰ শংকৰদেৱ শিশু নিকেতন-পূৱ ৰঙানদীত অনুষ্ঠিত এই বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্য সংগঠক নীল চুতীয়াই ৷ অনুষ্ঠানটি সঞ্চালনা কৰে তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহযোগী অধ্যাপক দিগন্ত শইকীয়াই। উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড° ইচ্‌মিৰেখা সন্দিকৈ কোঁৱৰে অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ৷ ২০২১-২০২২ বৰ্ষৰ ঐকতানৰ শিক্ষাসেৱী বঁটাৰ বাবে নিৰ্বাচন কৰা হয় লখিমপুৰৰ নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা, বিশিষ্ট সাংস্কৃতিক কৰ্মী, আবৃত্তিকাৰ, অভিনেত্ৰী মাধুৰীমা শৰ্মা ভূঞাক ৷ আজি “ঐকতান শিক্ষাসেৱী বঁটা” প্ৰদান কৰা হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বঁটা প্ৰাপক শৰ্মা ভূঞাৰ হৈ বঁটা গ্ৰহণ কৰে স্বামী তথা বিশিষ্ট সংগীতকাৰ প্ৰতাপ শৰ্মাই ৷ সভাত বৈষ্ণৱ পণ্ডিত প্ৰভাত দাসেও ভাষণ প্ৰদান কৰে । ঐকতানৰ সম্পাদক গৌতম ৰাজখোৱা আৰু সদস্যা গায়ত্ৰী হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত ঐকতানৰ সভাপতি কবি হৰেন হাজৰিকাই শলাগৰ শৰাই আগবঢ়ায়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত প্ৰখ্যাত সংগীত শিল্পী তথা বঁটা প্ৰাপকৰ স্বামী প্ৰতাপ শৰ্মাই লোক সংগীত পৰিৱেশন কৰাৰ লগতে সপ্তৰ্ষি নৃত্যালয়ৰ ছাত্ৰী সঞ্চিতা দত্তই বৰগীত আৰু ক্ষিতিজা হাজৰিকাই সৃষ্টিশীল নৃত্য পৰিৱেশন কৰে ৷ উল্লেখযোগ্য যে কিষাণ বিদ্যাপীঠ হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক, অঞ্চলটোৰ সমাজ জীৱনৰ এজন পুৰোধা ব্যক্তি কমল গগৈৰ অৱসৰ গ্ৰহণৰ দিনটোত প্ৰথমতে প্ৰতি বছৰত আৰু বৰ্তমান প্ৰতি দুবছৰৰ মূৰত এই বঁটা নিয়মীয়াকৈ প্ৰদান আৰু বক্তৃতানুষ্ঠান আয়োজন কৰি অহা হৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More