যোগ দিৱসৰ পূৰ্বে অভিলেখ আইটিবিপিৰ

২২,৮৫০ ফুট উচ্চতাত জোৱানে কৰিলে যোগাসন

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুন : ভাৰত-তিব্বতী সীমান্ত আৰক্ষী চমুকৈ আইটিবিপিৰ দল এটাই উচ্চ উচ্চতাত যোগাভ্যাস কৰাৰ এক নতুন অভিলেখ সৃষ্টি কৰিছে। টুইটাৰত আইটিবিপিৰ অফিচিয়েল হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত পৰ্বতাৰোহীৰ দলটোৱে ২২,৮৫০ ফুট উচ্চতাৰ বৰফৰ মাজত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে আগতীয়াকৈ যোগাসন প্ৰদৰ্শন কৰে। ইয়াৰ পূৰ্বে আইটিবিপিৰ দলটোৱে ‘বদ্ৰী বিশাল কী জয়’ শ্লোগান দি ২৪,১৩১ ফুট উচ্চতাৰ মাউণ্ট আবি গামিনৰ শিখৰত উঠিছিল বুলি এএনআয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে আইটিবিপিয়ে ২৩০ৰো অধিক পৰ্বতাৰোহণ অভিযান সফলতাৰে সম্পূৰ্ণ কৰাৰ গৌৰৱ লাভ কৰিছে। আবি গামিন মধ্য হিমালয়ত জাস্কাৰ ৰেঞ্জৰ শিখৰত অৱস্থিত। ই ভাৰত-তিব্বত সীমান্তৰ বিখ্যাত মানা আৰু নীতি পাছৰ মাজত ওপৰৰ আলকনন্দা আৰু ধৌলি নদীৰ মাজভাগত অৱস্থিত। কামেটৰ পিছতে আবি গামিন হৈছে অঞ্চলটোৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ। ইয়াৰ উপৰি ই উত্তৰাখণ্ডৰ পোন্ধৰটা সাত হাজাৰ মিটাৰ শৃংগৰ ভিতৰত অন্যতম, আৰু সেইবাবেই ই এক উল্লেখযোগ্য শৃংগ। ১৯৬২ চনত প্ৰতিষ্ঠিত এই বাহিনীয়ে প্ৰতিষ্ঠাৰ পিছৰে পৰা হিমালয়ৰ শৃংগসমূহ আৰোহণ কৰিবলৈ আৰম্ভ কৰে আৰু কেতিয়াবা বাহিনীটোৰ পৰ্বতাৰোহীৰ দলসমূহে এটা কেলেণ্ডাৰ বছৰতে ৯টা শিখৰত উঠিবলৈ সক্ষম হয়। আইটিবিপিয়ে উচ্চ হিমালয়ৰ বহু অনাৰোহণ শৃংগ আৰোহণ কৰিছিল। উল্লেখ্য যে, যোগৰ উপকাৰিতাৰ বিষয়ে সমগ্ৰ বিশ্বক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছিল। আন্তৰ্জাতিক যোগ দিৱস প্ৰতিষ্ঠা কৰাৰ বাবে ভাৰতে কৰা প্ৰস্তাৱৰ খচৰাটো ১৭৫খন সদস্য ৰাষ্ট্ৰই সমৰ্থন কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More