যোৰহাটত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস

"অসমীয়াত্ব ৰক্ষাৰ বাবে বাতৰি কাকত, আলোচনী ক্ৰয় কৰি পঢ়িব লাগেঃ  ড° সৌমাৰজ্যোতি মহন্ত

0 58

শতাব্দ প্ৰতিনিধি,যোৰহাট,১০ মে’: সাংবাদিকসকলৰ সংবাদ সেৱা এতিয়াও বৃত্তি নহ’লগৈ। একৈশ শতিকা অতিক্ৰম কৰাৰ পাছতো সাংবাদিক সেৱা বৃত্তিলৈ ৰূপান্তৰ কৰিব নোৱাৰাটো অত্যন্ত পৰিতাপৰ বিষয়। সাংবাদিকসকলক বিভিন্ন সময়ত দোষ জাপি দিয়া হয় । মূলতঃ সংবাদ সেৱা বৃত্তিলৈ ৰূপান্তৰ নোহোৱাতহে এনে দুৰ্দশা সাংবাদিকসকলৰ— এই মন্তব্য বিশিষ্ট লেখক তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তৰ । উল্লেখ্য যে, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি যোৰহাট প্ৰেছ ক্লাবত যোৰহাট জিলা সাংবাদিক সন্থাৰ সহযোগত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি ড° সৌমাৰজ্যোতি মহন্তই বক্তব্য আগবঢ়ায় । ড° মহন্তই কয় যে অসমীয়াত্ব ৰক্ষাৰ বাবে বাতৰি কাকত, আলোচনী ক্ৰয় কৰি পঢ়িব লাগে । সাংবাদিকসকলে নিজকে পাৰদৰ্শী কৰি তুলিবলৈ অধ্যয়ন কৰিব লাগে । শেহতীয়াকৈ সামাজিক মাধ্যমে সাংবাদিকতা ক্ষেত্ৰখন অধিক শক্তিশালী কৰি তুলিছে । সাংবাদিকসকলে কেৱল নিৰ্দিষ্ট সংবাদ মাধ্যমৰ উপৰি নিজা নিজা দৃষ্টিৰে সংবাদ জগতৰ লগত জড়িত আন আন ক্ষেত্ৰসমূহত নিজকে আত্মনিয়োগ কৰি তুলিব লাগে । IMG 20220510 WA0020সভাত নিৰ্দিষ্ট বক্তা হিচাপে দৈনিক জনমভূমিৰ পত্ৰিকা ‘বসুন্ধৰা’ৰ সম্পাদক শাংকৱ কৌশিক বৰুৱাই বক্তব্য আগবঢ়ায় । বক্তব্যত বৰুৱাই কয় যে— সাংবাদিকে এখন সমাজ সুশৃংখলিতভাৱে পৰিচালনা কৰিব পাৰে, কেৱল সংবাদ জগতৰ লগতেই জড়িত নাথাকে । সাম্প্ৰতিক সময়ত দেখা যায় একাংশ‌ই সমাজত যি ঘটে সেয়াহে বাতৰি লিখে । প্ৰকৃততে সীমিত ধৰণৰ বাতৰিৰ পৰিৱৰ্তে নিজস্ব চিন্তা ধাৰাৰ বাতৰি পৰিৱেশন কৰিব লাগে । অৱশ্যে এই ক্ষেত্ৰত সাংবাদিকৰ অৰ্হতাৰ প্ৰয়োজন আছে । কেৱল প্ৰেছ কাৰ্ড এখন পোৱাটোৱেই বহুতে আশা কৰি সংবাদ সেৱা কৰে । এই ক্ষেত্ৰত সাংবাদিকসকলে প্ৰেছ কাৰ্ড পোৱা মানেই জ্যেষ্ঠ সাংবাদিক বুলি ভবাৰ মানসিকতা ত্যাগ কৰিব লাগে । আজি সভাখন উদ্বোধন কৰে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। উদ্বোধক বৰ্মনে কয় যে– সাংবাদিকসকলৰ সংবাদ সেৱাৰ দ্বাৰা চৰকাৰী কাৰ্যালয় বিলাক বিশেষভাৱে উপকৃত হয় । চৰকাৰে কৰিবলগা বহু কাম সাংবাদিক সকলে পৰিৱেশন কৰা বাতৰিৰ দ্বাৰা দেখুৱাই দিয়ে । অৱশ্যে অসমত সাংবাদিক সকলে ‌অতি কষ্টৰে সংবাদ সেৱা আজিও কৰিব লগা হয়। মন কৰিবলগীয়া যে, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আৰম্ভণিতে জস্মিথা কলিতাই বৰগীত পৰিবেশন কৰে । মাধৱ মহন্ত আৰু মৃদুল হাজৰিকাই আঁত ধৰা সভাত বিশিষ্ট অতিথি হিচাপে যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, তথ্য আৰু জনসংযোগ বিভাগ যোৰহাটস্থ আঞ্চলিক কাৰ্যালয়ৰ উপ-সঞ্চালক ত্ৰিদিৱ নন্দন বৰা, যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি দিগন্ত বুঢ়াগোহাঁয়ে বক্তব্য আগবঢ়ায় । IMG 20220510 WA0016অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক ৰাতুল বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক সোমেশ ডেকা, প্ৰদীপ দত্ত, বুধীন্দ্ৰ নাথ বৰঠাকুৰ, দেৱেন্দ্ৰনাথ বৰা, বুবুল দত্ত, নীলু আচাৰ্য আৰু পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়া উপস্থিত থাকে। আজিৰ সভাত দৈনিক জনমভূমি কাকতৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক মিহিৰাম বৰা আৰু যোৰহাট জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ৰিজু শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনায়।সভাত মৰিগাঁও, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, বোকাখাত, মাজুলী, তেজপুৰ, হোজাই আদি জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । অসম মহিলা বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ ছাত্ৰীসকলেও আজি সভাত অংশগ্ৰহণ কৰে। শেষত পূজা গগৈৰ গীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More