যোৰহাটত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰ্যালোচনা সভা সম্পন্ন

ASDMA ৰ নডেল বিষয়াৰ জিলাখনৰ সম্ভাব্য বানপানী হোৱা অঞ্চলসমূহ পৰিদৰ্শন

0 7
শতাব্দ প্ৰতিনিধি, যোৰহাট, মে’ ১৩: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)ৰ প্ৰকল্প বিষয়া তথা যোৰহাট জিলাৰ বাবে নিয়োজিত নডেল বিষয়া ড° কৃপালজ্যোতি মজুমদাৰে আজি যোৰহাটত উপস্থিত হৈ সম্ভাব্য বানপানীৰে মোকাবিলা কৰিব পৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভত বুজ লয়। এই সন্দৰ্ভত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নডেল বিষয়া দামোদৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দুৰ্যোগ ৱ্যৱস্থাপনাৰ এক পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰি ড° মজুমদাৰে জিলাখনৰ স্পৰ্শকাতৰ স্থান, মথাউৰি, বাট-পথ, দলং আদি চিনাক্তকৰণ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক আহ্বান জনায়।বানপানীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আগতীয়া প্ৰস্তুতিকৰণ, প্ৰশিক্ষণ প্ৰদান, শিবিৰ চিনাক্তকৰণ, সম্ভাব্য বানপানী হোৱা অঞ্চলসমূহ চিনাক্তকৰণ, বানপানীৰ পিছত বানাক্ৰান্তক সাহাৰ্য প্ৰদান তথা খাদ্য সামগ্ৰী যোগান আদি বিভিন্ন বিষয় সন্দৰ্ভত নডেল বিষয়া গৰাকীয়ে এক পাৱাৰ পইন্ট প্ৰেজেন্টেশ্বন আগবঢ়ায়।সভাত অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে জিলাখনত সম্ভাব্য বানপানীৰ সন্মুখীন হ’ব পৰাকৈ আগতীয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে। আনহাতে জিলাখনত ব্ৰহ্মপুত্ৰ নদী আৰু উপনৈসমূহৰ পৰা হ’ব পৰা সংশয়ৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক সম্ভাব্য বানপানীৰ মোকাবিলা কৰিব পৰাকৈ সকলো ব্যৱস্থাৱলী গ্ৰহণ কৰা হৈছে বুলিও অবগত কৰে। সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ, জলসম্পদ, স্বাস্থ্য, খাদ্য আৰু অসাময়িক যোগান, পশুচিকিৎসা আৰু পশুপালন আদি বানপানীৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিভাগসমূহক এতিয়াৰ পৰাই অধিক সতৰ্কতাৰে প্ৰস্তুত থাকিবলৈ আহ্বান জনায়।সভাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া তপন কলিতা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া প্ৰানকৃষ্ণ গগৈৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে। সভাৰ অন্তত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নডেল বিষয়া গৰাকীয়ে যোৰহাটৰ প্ৰকল্প বিষয়া প্ৰানকৃষ্ণ গগৈ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকল লগত জিলাখনৰ সম্ভাব্য বানপানী হোৱা ঠাইসমূহৰ লগতে টীয়কৰ মডেল শিবিৰসমূহ আৰু জাঁজী অঞ্চলটো পৰিদৰ্শন কৰি বিভাগীয় বিষয়াসকলক দিহা পৰামৰ্শ আগবঢ়ায়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More