যোৰহাটৰ চিএছআইআৰ-নেইষ্টত ‘আই-কানেক্ট’ অনুষ্ঠান

কেন্দ্ৰীয় বিজ্ঞান-প্ৰযুক্তি ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্ৰ সিং, অসমৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ

0 17

শতাব্দ প্ৰতিনিধি,যোৰহাট, এপ্ৰিল ১২: আজাদী কা অমৃত মহোৎসৱৰে সংগতি ৰাখি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে যোৰহাটস্থিত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ অধীনৰ উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (চিএছআইআৰ-নেইষ্ট)ত আয়োজন কৰা ‘আই-কানেক্ট (i-Connect) শীৰ্ষক এক কাৰ্যসূচী আজি শুভ উদ্বোধন কৰে কেন্দ্ৰীয় বিজ্ঞান-প্ৰযুক্তি আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয় দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে। দেশৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ আৰু অধিক দ্ৰুত বিকাশত সহায়ক হোৱাকৈ বৈজ্ঞানিক গৱেষণাৰ সু-প্ৰয়োগ তথা সংযোজনক উদগণি যোগোৱাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা ‘উদ্যোগৰে সংযোগ’ বিষয়ক এই বিশেষ বৈজ্ঞানিক তথা ঔদ্যোগিক কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি বিদ্যা আৰু জলবায়ু পৰিবৰ্তন, তথ্য প্ৰযুক্তি আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো কেন্দ্ৰীয় মন্ত্ৰী ড° সিঙৰ সৈতে অংশগ্ৰহণ কৰে। ভাৰতৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে পুলিবৰত থকা নেইষ্টৰ জে এন বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত ‘আই কানেক্ট’ কাৰ্যসূচীৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডত সফলতা প্ৰদৰ্শন কৰা দেশৰ ৭৫ টা ‘আইকনিক’ উদ্যোগৰ সৈতে ভাৰতীয় বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰখনক আৰু অধিক কাষ চপাই নিয়াৰ প্ৰয়াস কৰা হৈছে। ‘আই কানেক্ট’ৰ অংশ হিচাপে মেগা উদ্যোগ সন্মিলন, ঔদ্যোগিক ক্ষেত্ৰত বিকাশত বৈজ্ঞানিক গৱেষণাৰ অৰিহণা বিষয়ক আলোচনা সত্ৰ, কাৰিকৰী প্ৰদৰ্শনী, ঔদোগিক আৰু বৈজ্ঞানিক ক্ষেত্ৰৰ হিতাধিকাৰীসকলৰ মাজত বিনিময়কে ধৰি বহুকেইটা কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি, এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এখন প্ৰদৰ্শনীত কুটীৰ শিল্প, হস্ত নিৰ্মিত বস্ত্ৰশিল্প, ঔদ্যোগিক বিজ্ঞানৰ লগত জড়িত উপাদান আদি প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, নিটি আয়োগৰ সদস্য (বিজ্ঞান আৰু তথ্য প্ৰযুক্তি) তথা আই-কানেক্ট অনুষ্ঠানৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ পদ্মভূষণ বি কে সাৰস্বত, বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ উত্তৰ পূৱ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ সঞ্চালক ড° জি নৰহৰি শাস্ত্ৰীও উপস্থিত থাকে ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যমন্ত্ৰী ড° সিং আৰু ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি বিদ্যা মন্ত্ৰী মহন্তই চিএছআইআৰ-নেইষ্টৰ এটা সংযুক্ত ভৱনো উদ্বোধন কৰে । ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰালয়ৰ পুঁজিৰে নিৰ্মিত এই সংযুক্ত ভৱনত উপলব্ধ প্ৰামাণিক প্ৰযুক্তিৰ দ্বাৰা উত্তৰ-পূৰ্ৱাঞ্চলৰ কৃষক আৰু উদ্যমীসকললৈ বৃত্তিগত মান বৃদ্ধিৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। এই নতুন ভৱনটোত প্ৰযুক্তি সুবিধা কেন্দ্ৰ, দক্ষতা বিকাশ কেন্দ্ৰ, খাদ্য পৰীক্ষাগাৰ, প্ৰদৰ্শন আৰু ব্যৱসায়িক ইনকিউবেচন, কাঠফুলা আৰু অৰ্কিড খেতি, গুণগত মান পৰীক্ষাৰ মাপকাঠি পৰীক্ষণ আৰু বিশ্লেষণ আদি সুবিধা উপলব্ধ হ’ব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More