লংডিঙত সন্দেহজনক নগা বিদ্ৰোহীৰ গুলীত নিহত বৃদ্ধ ব্যৱসায়ী

দোকান, বজাৰ বন্ধ কৰি প্ৰতিবাদ

0 8

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ অক্টোবৰ : নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ শক্তিশালী ঘাটিৰূপে পৰিচিত অৰুণাচল প্ৰদেশৰ লংডিং চহৰৰ মাজমজিয়াত দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত অজ্ঞাত আততায়ীয়ে এজন বয়োজ্যেষ্ঠ ব্যৱসায়ীক গুলীয়াই হত্যা কৰা ঘটনাই সমগ্ৰ লংডিং চহৰত চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৷ নিহত ব্যৱসায়ীজন হৈছে ৭০ বছৰ বয়সীয়া আটাৰ সিং শৰ্মা ৷ হাৰিয়ানাৰ পৰা প্ৰায় ৪০ বছৰ পূৰ্বে লংডিঙলৈ অহা আটাৰ সিং শৰ্মা তেওঁৰ গেলামালৰ দোকানত থকাৰ সময়তে আততায়ীয়ে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে ৷ সেইসময়ত নিহত আটাৰ সিং শৰ্মাৰ পুত্ৰ অৰুণ কুমাৰ শৰ্মা আৰু পত্নী বিল্ল’ দেৱীও তেওঁৰ সৈতে আছিল ৷ আততায়ীয়ে চলোৱা দুজাঁই গুলী আটাৰ সিং শৰ্মাৰ বুকুত লাগে ৷ গুৰুতৰভাৱে আহত অৱস্থাত তেওঁক সামূহিক চিকিৎসা কেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসা লাভৰ পূৰ্বেই আটাৰ সিং শৰ্মাই মৃত্যুবৰণ কৰে ৷ এই ঘটনাৰ প্ৰতিবাদত আজি লংডিঙত ব্যৱসায়ীসকলে বন্ধ পালন কৰে ৷ ঘটনাৰ লগত এন এছ চি এনৰ ’কে-ৱাই এ’ গোট জড়িত থকা বুলি সন্দেহ কৰা হৈছে ৷ অৱশ্যে এই সন্দৰ্ভত অৰুণাচল আৰক্ষীয়ে কোনো তথ্য সদৰি কৰাৰ পৰা বিৰত আছে ৷ জানিব পৰা মতে আততায়ীৰ সন্ধানত আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখিছে আৰু এই পৰ্যন্ত দুজন লোকক আটক কৰা হৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More