লক্ষীমপুৰত এবিভিপিৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি

সমগ্ৰ অসমৰ ছাত্ৰ সমাজক আদৰিবলৈ মণিকাঞ্চন সমন্বয় ক্ষেত্রত ব্যাপক প্রস্তুতি

0 35

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ ডিচেম্বৰঃ অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশন এইবাৰ লক্ষীমপুৰ চহৰৰ মনিকাঞ্চন সমন্বয় ক্ষেত্রত (এ.টিম খেলপথাৰ)ত অনুষ্ঠিত হ’ব। তাৰেই অংশ হিচাপে আজি এবিভিপিৰ ৰাজ্যিক নেতৃত্ব আৰু উদযাপন সমিতিয়ে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত যৌথভাবে এখন সংবাদ মেল সম্বোধন কৰে। ২৭,২৮ আৰু ২৯ ডিচেম্বৰ তাৰিখে মহাপুৰুষ মাধৱদেৱৰ জন্মভূমি লক্ষীমপুৰৰ অনুষ্ঠিত হ’ব লগীয়া এই ৰাজ্যিক অধিবেশনত সমগ্র অসমৰ পৰা প্ৰায় ১২০০ ছাত্র ছাত্রীয়ে অংশ গ্রহণ কৰিব। অসম তথা ভাৰতৰ বিভিন্ন সমস্যা তথা সমগ্রিক বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হ’বলৈ এই অধিৱেশনত অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰিব। অধিৱেশনত বিভিন্ন সাংস্কৃতিক কার্যক্রম, প্রদর্শনী, মুকলি অধিৱেশন, সাংস্কৃতিক শোভাযাত্রা আদি অনুষ্ঠিত হ’ব। ইতিমধ্যে অধিবেশন স্থলীৰ নাম মনিকাঞ্চন সমন্বয় ক্ষেত্ৰ হিচাপে নামকৰণ কৰাৰ লগতে অধিবেশনৰ মূল সভাগৃহৰ নাম পদ্মনাথ গোহাঞিবৰুৱা সভাগৃহ আৰু মূল তোৰণৰ নাম মহাপুৰুষ মাধৱদেৱৰ নামত নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি এই অধিবেশনতেই অসমৰ শৈক্ষিক বিষয়, সামাজিক বিষয় আৰু আত্মনিৰ্ভৰশীল অসমৰ ওপৰত সৰ্বমুঠ তিনিটাকৈ প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব। এই অধিবেশনৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, এবিভিপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডাঃ বীৰেন্দ্র সিং সোলংকী, বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়া উপস্থিত থকাৰ লগতে ‘ৰ’ল মডেল সত্ৰ’ত ‘বহুবলী কণী’ৰ প্ৰতিষ্ঠাপক আকাশ জ্যোতি গগৈ, অসম অসামৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বুবুল বৰা, সাংবাদিক অবয়ৱ ভূঞা উপস্থিত থকাৰ লগতে শোভাযাত্রাত অসমৰ বিশিষ্ট অভিনেতা নয়ন নীলিম উপস্থিত থাকিব। সমগ্ৰ লখিমপুৰবাসীৰ সহায় সহযোগ কামনা কৰি অনুষ্ঠিত কৰা আজিৰ সংবাদ মেলত আদৰণি সমিতিৰ সাধাৰণ সম্পাদক সীমান্ত দাস, অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ লখিমপুৰ জিলাৰ জিলা সংযোজক চিৰঞ্জীৱ দাস, লখিমপুৰ নগৰ শাখাৰ সম্পাদক অৰিন্দম গোস্বামী, লখিমপুৰ নগৰ শাখাৰ ৰাষ্ট্ৰীয় কলামঞ্চ প্রমুখ শিল্পীশিখা হাজৰিকা উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More