লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ডিজিটেল বেংকিং সজাগতা অভিযান.

0 55

উত্তৰ লখিমপুৰ, ১৪ ডিচেম্বৰ:লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি ডিজিটেল বেংকিং সম্পৰ্কে এক সজাগতা অভিযান অনুষ্ঠিত হয়। আইচিআইচিআই বেংকৰ উত্তৰ লখিমপুৰ শাখাৰ সহযোগত মহাবিদ্যালয়খনৰ আইকিউএ চেলৰ দ্বাৰা উত্তম অনুশীলন কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা সজাগতা সভাখন উদ্বোধন কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই। এই অভিযানৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়খনৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক সৌৰভ চক্ৰৱৰ্তীয়ে। উত্তৰ লখিমপুৰ শাখাৰ আইচিআইচিআই বেংকৰ শাখা পৰিচালক তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জাহুৰ খানে বেংকিং খণ্ডত অনলাইন জালিয়াতি আৰু অন্যান্য হেকিঙৰ চেষ্টাৰ ওপৰত উপস্থাপন কৰে। আইচিআইচিআই বেংকৰ জগজিৎ ৰাভা আৰু ধ্ৰুবজ্যোতি দত্তয়ো সমল ব্যক্তি হিচাপে সজাগতা অভিযানত অংশগ্ৰহণ কৰে। জুচ টেকিং, এটিএম ক্ল’নিং, ফিছিং কল, ছ’চিয়েল মিডিয়া লিংক, ধন লাভৰ বাবে কিউআৰ ক’ড, অনলাইন চাকৰিৰ প্ৰস্তাৱ আদি অনলাইন প্ৰৱঞ্চনাৰ বিষয়সমূহৰ ওপৰত আলোচনা আৰু ব্যাখ্যা কৰা হয়। মহাবিদ্যালয়খনৰ আইকিউএচিৰ সমন্বয়ক ড০ দাদুল ৰাজকোঁৱৰে ধন্যবাদ জ্ঞাপনেৰে সভাৰ সামৰণি পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More