লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে ৰাজহুৱা সভা অনুষ্ঠিত

0 65

উত্তৰ লখিমপুৰ: ২৭ মে: আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে এক ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। বিশিষ্ট শিক্ষাবিদ তথা লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ড° মুকুন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। সভাত সোণালী জয়ন্তী উদযাপনৰ বাবে ২৩ খন উপ-সমিতি গঠন কৰা হয়। সভাত সোণালী জয়ন্তীৰ আৰ্থিক অৰিহণাৰ টিকট উন্মোচন কৰা হয়। অনুষ্ঠানত লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ গোপাল কুমাৰ চেত্ৰীয়ে এক লাখ টকাৰ প্ৰথমটো টিকট ক্ৰয় কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More