লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম বিষয়ক কৰ্মশালা

0 45

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৭ জুনঃ লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ G.K মেমৰিয়েল সভাকক্ষত আজি নতুন শিক্ষানীতিৰ অধীনত কাৰ্যকৰী হ’বলগীয়া চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম (FYUGP) সন্দৰ্ভত এক কৰ্মশালা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ NEP Task Force ৰ সহযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আয়োজন কৰা এই এদিনীয়া কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাধ্যাপক প্ৰফেচাৰ সুৰজিত বৰকটকী আৰু বুৰঞ্জী বিভাগৰ অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই নতুন শিক্ষানীতিৰ অধীনত হ’বলগীয়া সংস্কাৰসমূহৰ লগতে চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিভিন্ন দিশসমূহ বিতংভাৱে উপস্থাপন কৰে ।লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিত ভূঞাই উদ্বোধন কৰা এই কৰ্মশালাত মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকলৰ উপৰিও জিলাখনৰ প্ৰায় আটাইকেইখন মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমূখ্যে অধ্যাপক-অধ্যাপিকাসকলেও অংশগ্ৰহণ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More