শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুলাই : মোদীৰ চকুত দাক্ষিণাত্য! তাৰেই প্ৰতিৰূপ দেখা গৈছে সদ্য মনোনীত ৰাজ্য সভাৰ সাংসদৰ ক্ষেত্রত। নৰেন্দ্ৰ মোদী চৰকাৰে দক্ষিণ ভাৰতৰ চাৰিজন লোকক ৰাজ্যসভালৈ মনোনীত কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে প্ৰখ্যাত খেলুৱৈ পি টি উষা, সংগীত পৰিচালক ইলায়য়াৰাজা, সমাজ কৰ্মী বীৰেন্দ্ৰ হেগড়ে আৰু পৰিচালক কে ভি বিজয়েন্দ্ৰ প্ৰসাদক। মোদী চৰকাৰে সমাজ আৰু জনসাধাৰণলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ্যসভালৈ এই চাৰিজন সাংসদক মনোনীত কৰিছে। ইয়াৰ ভিতৰত দুজন পদ্ম বিভূষণ আৰু এজন পদ্মশ্ৰী প্ৰাপক আছে। এই চাৰিগৰাকী মনোনীত হৈছে দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা। কেৰালাৰ পৰা পিটি উষা, তামিলনাডুৰ পৰা ইলায়য়াৰাজা, কৰ্ণাটকৰ পৰা বীৰেন্দ্ৰ হেগড়ে আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা কেভি বিজয়েন্দ্ৰ প্ৰসাদ। ৰাজনৈতিক মহলে ভাবে যে, মোদী চৰকাৰৰ এই মনোনয়ন ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। তেওঁলোকৰ মতে, ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠকত বিজেপিয়ে ‘মিছন চাউথ’ নীতি স্পষ্ট কৰি দিছে ২০২৩ চনত কৰ্ণাটক আৰু তেলেংগানাত বিধানসভাৰ ভোট আৰু ২০২৪ চনত লোকসভাৰ ভোট। ইয়াৰ পূৰ্বে ৰাজনৈতিক বিশ্লেষকসকলে এই মনোনয়ন যথেষ্ট গুৰুত্বপূৰ্ণ বুলি কৈছে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.