লখিপুৰত ট্ৰাইবেল বেল্টৰ ভূমি বহিৰাগতক বিক্ৰী-হস্তান্তৰ

আন্দোলনৰ ভাবুকি সদৌ অসম ট্রাইবেল সংঘ-ট্রাইবেল ইউথ লীগৰ

0 43

শতাব্দ প্ৰতিনিধি , লখিমপুৰ ২০ জুনঃ লখিমপুৰ জিলাত ট্রাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত বহিৰাগত অনাঅসমীয়া ব্যবসায়ীয়ে বেদখল কৰাৰ লগতে এনে ভূমি বিক্ৰী আৰু হস্তান্তৰ কৰা কাৰ্যত জাঙুৰ খাই উঠিছে সদৌ অসম ট্রাইবেল সংঘৰ লগতে সদৌ অসম ট্রাইবেল ইউথ লীগ। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত জনজাতি আবেষ্টনিৰ ভূমিত একাংশ বহিৰাগত লোকে কেনেদৰে অন্যায়ভাবে ভূমি বেদখল কৰি ৰাজহ চক্ৰ বিষয়া, মণ্ডল, কাননগুৰ সহযোগত এনে ভূমি নামজাৰি কৰি নিগাজি কৰি আহিছে সেয়া তথ্য সহকাৰে সদৰি কৰে জনজাতীয় সংগঠন দুটাই। নীতিবর্হিভুত ভাৱে দখল কৰা ভূমিৰ নামজাৰিকৰণ শীঘ্ৰে কৰ্তন কৰি ভূমিপুত্ৰ খিলঞ্জীয়াৰ নামত তেনে মাটি আবণ্টন দিয়াৰো দাবী জনায় সংগঠনদ্বয়ে। লখিমপুৰ জিলাৰ ট্ৰাইবেল সংঘৰ আহ্বানত বিহপুৰীয়া সমষ্টিৰ জনজাতি বেল্ট ও ব্লক সুৰক্ষা সমিতিৰ লগতে ট্রাইবেল ইউথ লীগ আৰু লখিমপুৰ জিলা জনজাতি ছাত্ৰ সন্থাই সংবাদমেল যোগে অভিযোগ কৰে যে দীর্ঘ দিন ধৰি লখিমপুৰ জিলাৰ লখিমপুৰ, নাওবৈচা, বিহপুৰীয়া, নাৰায়ণপুৰ, কদম আদি ৰাজহ চক্ৰত চক্ৰ বিষয়া, মণ্ডল, কাননগুৰ সহায়ত শ শ বিঘা মাটি একাংশ অনাঅসমীয়া ব্যবসায়ীয়ে বিভিন্ন লোকৰ নামত নামজাৰি কৰি আহিছে। জিলাখনৰ বান্দৰদেৱাৰ ১০৪৭ বিঘা ২ কঠা ৪ লোচা জনজাতি আবেষ্টনিৰ ভূমি বহিৰাগত লোকে দখল কৰি থকাৰ পিছত বৃহৎ সংখ্যক ভূমি অনাঅসমীয়া লোকক চৰকাৰীভাৱে আবণ্টন দি নামজাৰি কৰা হৈছে। সস্থা সংগঠনসমূহে স্পষ্টকৈ কয় যে বৃহত্তৰ বান্দৰদেৱা অঞ্চলৰ বিতৰ্কিত ব্যবসায়ী ৰঞ্জন কুমাৰ সিং আৰু নিৰ্মলা দেবী সিঙে নীতি বর্হিভূত ভাবে এনে ৪২ বিঘা ভূমি নিজৰ নামত নামজাৰি কৰি লৈছে। এই সন্দৰ্ভত তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে নথি-পত্ৰ সংগ্ৰহ কৰি সংঘই গুৱাহাটী উচ্চ ন্যায়ালয়ত সমিতিৰ হৈ গোচৰ দিয়াত WP (C)58/2022 মর্মে ন্যায়াধীশ পি. কে. ডেকাৰ আদালতে অসম লেণ্ড ৰেভিনিউ ৰেণ্ডলেছন ১৮৮৬ ৰ কঠোৰ নীতি অনুসৰি অসমত বিশেষকৈ লখিমপুৰ জিলাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত সুৰক্ষা দিয়াৰ কথা উল্লেখ কৰে। ন্যায়ালয়ৰ ৰায়ৰ নামত ৰাজ্য চৰকাৰে কঠোৰ নীতি বলবৎ কৰি এই সম্পৰ্কত ট্রাইবেল সংঘৰ হৈ ৰায় দান কৰে। সংবাদমেলত সংগঠনদ্বয়ৰ অভিযোগ- সিং উপাধিৰ ব্যৱসায়ী গৰাকীয়ে তেওঁৰ পত্নী আৰু তেওঁৰ নামত ২০১১-১২ চনৰ পৰা ২০১৪,২০১৯ চনলৈকে উল্লেখিত মাটিত কৌশলগতভাবে ভুৱা প্ৰমাণপত্ৰৰে নিজৰ নামত নামজাৰি কৰে। সংগঠন কেইটাৰ দাবী অৰুণাচল, বিহাৰৰ ভোটাৰ তালিকাত নাম থকা এই গৰাকী প্রভাবশালী ব্যৱসায়ীয়ে কেনেদৰে জনজাতিৰ আৱেষ্টনিৰ ভূমি নিজৰ নামত নামজাৰি কৰিলে সেয়া ৰহস্যজনক আৰু ইয়াৰ এক নিৰপেক্ষ তদন্ত হ’ব লাগে বুলি দাবী জনায়। ইয়ৰোপৰি ৰাজেশ কুমাৰ হিম্মতসিংকাৰ নামৰ এজন অনাঅসমীয়া অৰুণাচলৰ ব্যবসায়ীয়ে ৭ বিঘাকৈ এনে ভূমিৰ আৱন্টন লাভ কৰিছে। একেদৰে সঞ্জু গুবালা, ফুলমতি দেৱী, শশীচন্দ্র বর্মন আদিয়েও চৰকাৰীভাৱে ভূমিৰ আৱন্টন লাভ কৰিছে বুলি সংগঠন দ্বয়ে সংবাদ মেলত উল্লেখ কৰে। উল্লেখ যে ১৯৯৬ চনৰ ভূমি নীতি অনুসৰি জনজাতি বেল্ট এণ্ড ব্লকৰ ভূমি কোনো অনা-অসমীয়া লোকে দখল বা নামজাৰি কৰিব নোৱাৰে। তেনেস্থলত জিলাখনৰ বিভিন্ন ঠাইত বৃহৎ পৰিমাণৰ মাটি কেনেদৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে এই সকল লোকৰ নামত নামজৰি কৰিলে ইয়াৰ এক উচিত তদন্তৰ দাবী জনায় ট্রাইবেল সুৰক্ষা সমিতিৰ সভাপতি দীপক দেউৰী, জনজাতি বেল্ট এণ্ড ব্লক ভূমি সুৰক্ষা সমিতিৰ সভাপতি ডিপ্লমেন্ট দেউৰী, সদৌ অসম টাইবেল ইউথ লীগৰ সম্পাদক বসন্ত টাইদ, ট্রাইবেল সংঘৰ জিলা সভাপতি দীলিপ পেগুৱে। শীঘ্ৰে জনজাতি আৱেষ্টনিৰ ভূমিত নামজাৰি হোৱা মাটিৰ নামজাৰি কৰ্তন কৰি খিলঞ্জীয়া লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ তেওঁ লোকে দাবী জনায়। অন্যথা ভূমিৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে ধাৰাবাহিক ভাবে গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More