লখিমপুৰত আছুৰ সাধাৰণ সভাত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ অংগীকাৰ– এইখন অসম আমাৰ, আমাৰ হৈয়ে থাকিব লাগিব

জাতীয় জীৱনৰ ভৱিষ্যত কৰ্মপন্থা নিৰূপণৰ বাবেই এই সভা অনুষ্ঠিত হৈছে- শংকৰজ্যোতি বৰুৱা

0 163

বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত ৩১ জিলাৰ ৬ সহস্ৰাধিক প্ৰতিনিধিৰ অংশগ্ৰহণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ নৱেম্বৰঃ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সামৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বিষয়টোৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ সকলো কাৰিকৰী আৰু অকাৰিকৰী সকলোতে শৈক্ষিক সমস্যা আছে৷ গতিকে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যাক প্ৰাধান্য দি এই সমস্যাবোৰ সমাধানৰ বাবে বাট উলিয়াবৰ বাবে মুখ্যত ইয়াত আলোচনা হ’ব ৷ এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ৷ উল্লেখ্য যে ১৯ নৱেম্বৰৰ পৰা লখিমপুৰৰ পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা উপলক্ষে আজি উলিওৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি মুখ্য উপদেষ্টাজনে এনেদৰে কয়৷20221120 113602 তেঁও লগতে কয়- ইয়াৰ লগে লগে জাতীয় জীৱনৰ বহু মূল বিষয়ৰ লগতে এই অসমখন আমাৰ আৰু এইখন আমাৰ হৈ থাকিব লাগিব৷ বিভিন্ন জাতি- জনগোষ্ঠী, ভাষা-ধৰ্মাৱলম্বী লোকেৰে গঠিত এই খিলঞ্জীয়া লোকৰ প্ৰভুত্ব, নিয়ন্ত্ৰণ সৰ্বকালৰ বাবে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ’ব লাগিব৷ তাৰ বাবে অসম চুক্তিৰ প্ৰত্যেকটো দফা ৰূপায়ণ হ’ব লাগিব, কা বাতিল হ’ব লাগিব, এন আৰ চি উন্নীতকৰণ, আমাৰ সাংবিধানিক ৰক্ষাকবচ কেন্দ্ৰীয় চৰকাৰে নিজেই গঠন কৰা উচ্চস্তৰীয় কমিটিৰ পৰামৰ্শবোৰ কাৰ্যকৰী হ’ব লাগিব, বান আৰু খহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা, সমাধান বিচাৰি আছো। সমাধান আমাক দিব লাগিব।20221120 115828 বৃহৎ নদীবান্ধ বিৰোধিতা কৰিছো এই বিষয়ে আলোচনা হ’ব৷ তাৰ লগে লগে নিবনুৱা যুৱক-যুৱতীসকলক সংস্থাপনৰ বিষয়, এই বিষয়টো এটা অন্যতম বিষয় হ’ব আৰু আনটো বিষয় হ’ল যে আমাৰ ভাষা-মাধ্যমৰ ওপৰত আক্ৰমণ হৈছে৷ আমাৰ অসম ছাত্ৰ সন্মিলনীৰ প্ৰাক্তন সভাপতি লগতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ নামত উছৰ্গিত উত্তৰ লখিমপুৰৰ এই ক্ষেত্ৰত আমি সমবেত হৈছো আৰু এনেকুৱা এটা সময়ত সমবেত হৈছো য’ত আমাৰ মাধ্যম-ভাষাৰ ওপৰত আক্ৰমণ হৈছে গতিকে এই সম্পৰ্কত অসমত অসমীয়া ভাষা, অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু সকলো জনজাতীয়-জনগোষ্ঠীয় ভাষাৰ বিকাশ হ’ব লাগিব৷ গতিকে যিটো ৰজাঘৰীয়াই আমাৰ ভাষা-মাধ্যমৰ ওপৰত আক্ৰমণ কৰিছে, এইখন অসমত যাতে অসমীয়া মাধ্যম, বড়ো মাধ্যম, সকলো জনজাতীয়-জনগোষ্ঠীয় ভাষাৰ বিকাশ হয়৷20221120 114624 ৰজাঘৰে দিয়া অন্তৰায় যাতে আমি ফালি চিৰি ওলাই যাব পাৰো এই বিষয়টোৰ ওপৰত আলোচনা হ’ব৷ ইয়াৰ পূৰ্বে পুৱা ১১ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে আছুৰ কেন্দ্ৰীয় সভাপতি দিপাংক কুমাৰ নাথে৷ পতাকা উত্তোলন কৰি নাথে কয় যে লখিমপুৰত কেৱল ১৫-২০ দিনৰ ভিতৰত এনে এখন আটক ধুনীয়া সাধাৰণ সভা অনুষ্ঠিত কৰিব পৰাতো সকলোৰে বাবে অতি গৌৰৱৰ কথা৷ তেওঁ লখিমপুৰ জিলাৰ বিভিন্ন ইতিবৃত্তি, সাংস্কৃতিক-সামাজিক দিশৰ ওপৰতো বক্তব্য আগবঢ়ায়৷ চীনা যুদ্ধৰ বাবেই লখিমপুৰখন কেনেদৰে আগবাঢ়ি গ’ল সেই বিষয়ে বিতং ভাৱে অৱগত কৰে৷ আনহাতে আজি পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্ৰত শ্বহীদ তৰ্পণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে আজি লখিমপুৰত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে৷ সাম্প্ৰদায়িক বিষবাষ্প, জাতিক ভাঙি তচ-নচ কৰিব নোৱাৰে সেই বাৰ্তা কঢ়িয়াই আনিছে আজিৰ সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাই৷ তদুপৰি জাতীয় জীৱনৰ ভৱিষ্যতৰ কৰ্মপন্থা নিৰূপণৰ বাবেই এই সাধাৰণ সভা অনুষ্ঠিত কৰা বুলি সদৰি কৰে৷ ইফালে বিয়লি ৫ বজাত অসম আন্দোলনৰ শ্বহীদ স্মৃতি গৃহত প্ৰতিনিধি সভা অনুষ্ঠিত হয়৷ নিশালৈ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে অসম নাট্য সন্মিলনৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি নাজিম আহমেদে৷ 20221120 114929উল্লেখ্য যে আজিৰ সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে মন মুহিবলৈ সক্ষম হয়৷ প্ৰায় ডেৰ কিলোমিটাৰ দৈঘ্যৰ এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন সাংস্কৃতিক দৃশ্যৰ প্ৰতীকৰ উপৰি গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, ধুবুৰী, কামৰূপ, হোজাই, বাক্সা, কাৰ্বি আংলং, বিশ্বনাথ, দৰং, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি আদি বিভিন্ন জিলাৰ পৰা অহা ৬ সহস্ৰাধিক ছাত্ৰ প্ৰতিনিধিয়ে লখিমপুৰৰ আকাশ বতাহ কঁপাই তোলে৷ নিশা প্ৰতিনিধি সভা অনুষ্ঠিত হয়। কাইলৈ সাধাৰণ সভাৰ মূল কাৰ্যসূচী তথা দিনৰ ২ বজাত মুকলি সভা অনুষ্ঠিত হ’ব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More