লখিমপুৰত একেদিনাই তিনিখন গ্ৰন্থ উন্মোচন

0 116

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৪ আগষ্ট : উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সোমবাৰে ২০২২-২৩ বৰ্ষৰ ষষ্ঠ আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা ‘নৱাগত আদৰণী’ সভাখনত তিনিখনকৈ মূল্যবান গ্রন্থ উন্মোচন কৰা হয়। তদুপলক্ষে বিদ্যালয় প্রাঙ্গনত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডাঃ নবকৃষ্ণ ৰাজখোৱাই। ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰমেশ চন্দ্ৰ চুতীয়াই। পানীগাঁও অ. পি. ডি. মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰেশ দত্ত, প্রাক্তন অধ্যক্ষ পদ্ম শর্মা, বিদ্যালয় উন্নয়ন তথা পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি জীৱন চন্দ্ৰ দত্ত, এলুমিনি সন্থাৰ সভাপতি পদ্মেশ্বৰ চুতীয়া আদিয়ে অংশগ্রহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহুমূলীয়া বক্তব্য আগবঢ়ায়। সভাতে বিদ্যালয়ৰ উপাধ্যক্ষ নৱজ্যোতি দত্তৰ ‘এথুপি সুৰ আৰু ছন্দ সুবাস’ গ্ৰন্থখন উন্মোচন কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰমেশ চন্দ্ৰ চুতীয়াই। সংগীত শিক্ষয়িত্রী নয়নী মহন্তৰ ‘কলা সাধনা’ গ্ৰন্থখন উন্মোচন কৰে ডাঃ নৱকৃষ্ণ ৰাজখোৱাই। কৃতী শিক্ষক , প্ৰয়াত হেম মহন্তৰ গ্ৰন্থ ‘অনুভূতি’ৰ ২য় খণ্ড উন্মোচন কৰে অৱসৰপ্রাপ্ত শিক্ষাবিষয়া জীৱন চন্দ্ৰ দত্তই। ইফালে হাইস্কুল শিকান্ত পৰীক্ষাত ৮৯ শতাংশ নম্বৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দেৱজিৎ গগৈয়ে লাভ কৰে স্বৰ্গীয় হেম মহন্ত সোঁৱৰণী বঁটা। এই বঁটা দান কৰে নয়নী মহন্তই। আন এটা বঁটা স্বৰ্গীয় দিনেশ বেজবৰুৱা বঁটা লাভ কৰে ৰিন্টু দত্তই। সেই বঁটা দান কৰে তিলোত্তমা হাজৰিকাই। বিদ্যালয়ৰ অধ্যক্ষ দিপালী হাজৰিকা, শিক্ষক গোটৰ সম্পাদক গুনীন বৰা, অৱন্ধতী বৰা, সহ শিক্ষয়িত্ৰী ৰজিতাৱলী ৰাজকুমাৰীয়ে সভাৰ সকলো কাৰ্যসূচীত বিশেষভাৱে সহযোগিতা আগবঢ়ায়। সভাতে নয়নী মহন্তৰ পৰিচালনাত অনুষ্ঠিত সাংস্কৃতিক কার্যক্রমে সকলোকে মুগ্ধ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More