লখিমপুৰত এন এইচ পিচিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ জাতীয় যুৱবাহিনী ,অসমীয়া যুৱ মঞ্চৰ
প্ৰধানমন্ত্ৰী,শক্তিমন্ত্ৰী,মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ছেপ্টেম্বৰঃ লখিমপুৰ নগৰৰ মাজ মজিয়াত আজি ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতাৰ বিৰুদ্ধে ৰাইজৰ দলৰ জাতীয় যুব বাহিনী লখিমপুৰ জিলা সমিতিয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নামনি জলবিদ্যুৎ প্রকল্প জলবোমা নিৰ্মানৰ পক্ষত থকা ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিকৃতি দাহ কৰি জাতীয় যুৱ বাহিনীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। । এই কাৰ্য্যসূচীত প্ৰতিবাদ জনাই ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নির্মল পায়েঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় -বিজেপিয়ে হিটলাৰী শাসন চলাই সমগ্ৰ জনগণৰ প্ৰতিবাদক নেওচি ভয়ংকৰ জলবোমা হিচাপে চিহ্নিত নামনি জলবিদ্যুৎ প্রকল্প নির্মাণ কৰি চৰকাৰে মানুহ জীয়াই থকা অধিকাৰকলৈ হেতালি খেলা অধিকাৰ সংবিধানে দিয়া নাই। ইতিমধ্যে আদালতৰ মজিয়াত অসমৰ ৫জন বিশেষজ্ঞ কমিটিয়ে নামনি জলবিদ্যুৎ প্রকল্প নির্মান জনগণৰ বাবে সুৰক্ষিত নহয় বুলি স্পষ্ট কৰি দিয়াৰ পাছটো বিজেপি দলৰ হেচাত ৬ জন বিশেষজ্ঞ কমিটিয়ে নামনি জলবিদ্যুৎ প্রকল্প নিৰ্মান কৰাত সহযোগিতা আগবঢ়াই দিয়া কাৰ্যযে বিজেপি দলে যে জনগণৰ সুৰক্ষা স্বাৰ্থত যে চিন্তা নকৰে তাকে প্ৰমাণ কৰিছে। আনহাতে জাতীয় যুব বাহিনী দলৰ সভাপতি দেবজিৎ শইকীয়াই বৰ্তমানৰ চৰকাৰ খনক এখন স্বৈৰাচাৰী চৰকাৰ বুলি তীব্ৰ ভাষাত সমালোচনা কৰে। আনহাতে ৰাইজৰ দলৰ সমষ্টি কমিটিৰ সভাপতি গণেশ শইকীয়া আৰু সম্পাদক লোকনাথ কোঁৱৰে প্ৰতিবাদী সভাত অংশ গ্রহণ আৰু প্রতিক্রিয়া প্রকাশ কৰি জনগণৰ নিৰাপত্তাকলৈ হেতালি নেখেলিবলৈ চৰকাৰক দাবী জনায়।ৰাইজৰ দল জাতীয় যুৱ বাহিনীয়ে শীঘ্ৰে নামনি জলবিদ্যুৎ প্রকল্প বন্ধ নকৰে তেনেহলে ভয়াৱহ গণতান্ত্রিক আন্দোলন গঢ়ি তোলা হব বুলি সকীয়াই দিয়ে জাতীয় যুৱ বিহিনীৰ প্ৰচাৰ সচিব ইব্ৰাহিম আহমেদে এই কথা সদৰী কৰিছে।ইফালে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়েও উত্তৰ লখিমপুৰ কেবি ৰোডত শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি এন এইচ পিচিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ নেতা অনুপম শইকীয়াই চৰকাৰ,এন এইচ পিচিক কঠোৰ সকীয়নি দি শীঘ্ৰে বৃহৎ নদীবান্ধ বন্ধ কৰিবলৈ দাবী জনায়।