লখিমপুৰত এপ’ল’ হাস্পতাল চেন্নাইৰ ইনফৰ্মেচন-টেলি ক্লিনিক চেণ্টাৰ

 অৰ্থো ক্লিনিকত বহিব প্ৰসিদ্ধ চিকিৎসক ডাঃচেন্থিল কুমাৰ ডুৰাই

0 88

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ জুলাইঃ ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাই আছে যদিও সমগ্ৰ ৰাজ্যত গুণগত চিকিৎসা এতিয়াও সুলভ হোৱা নাই। তাৰেই ফলশ্ৰুতিত ৰাজ্যৰ বুজন পৰিমাণৰ ৰোগী-অভিভাৱকে ৰাজ্যৰ বাহিৰত চিকিৎসা কৰিবলৈ গৈ আছে। এইক্ষেত্ৰত চেন্নাই এপ’লৱে মূলতঃ লখিমপুৰ আৰু চুবুৰীয়া জিলাৰ ৰোগীৰ সুবিধাৰ্থে উত্তৰ লখিমপুৰত এটা ইনফৰ্মেচন-টেলি ক্লিনিক চেণ্টাৰ স্থাপন কৰিছে। আজি চেন্নাইৰ পৰা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবলৈ আহি এক সংবাদমেলত উপস্থিত থাকে প্ৰসিদ্ধ অস্থিৰোগ বিশেষজ্ঞ ডাঃ চেন্থিল কুমাৰ ডুৰাই। তেঁও কয়-অসমৰ বাহিৰত চিকিৎসা কৰিবলৈ গৈ বহু সময়ত ৰোগী-অভিভাৱকে আন আন সমস্যাৰ লগতে কেতিয়াবা দালালৰ কৱলতো পৰে। কিন্তু চেন্নাই এপ’লত চিকিৎসা কৰিবলৈ যোৱাৰ আগতে যদি তেনে ৰোগী বা অভিভাৱকে লখিমপুৰৰ ইনফৰ্মেচন চেণ্টাৰত বিনামূলীয়াকৈ নাম পঞ্জীয়ন কৰে, তেন্তে চেণ্টাৰৰ তৎত্বাৱধায়কে তেনে ৰোগীক প্ৰয়োজনীয় তথ্য অৱগত কৰাৰ লগতে চেন্নাইৰ এপ’লৰ লগত পোনপতীয়াকৈ যোগাযোগ কৰাই দিয়ে। ৰোগী কেতিয়া যাব, কোন চিকিৎসকক লগ পাব বিচাৰে, ৰোগীৰ যদি ভাব বিনিয়মত ভাষাৰ অসুবিধা হয়, তেন্তে দোভাষী বা অনুবাদক নিযুক্তি কৰালৈকে সকলো তথ্য ইনফৰ্মেচন চেণ্টাৰে বিনামূলীয়াকৈ যোগান ধৰে। তদুপৰি চেন্নাইত চিকিৎসা কৰি ঘূৰি অহাৰ পিছতো তেনে ৰোগীয়ে ইনফৰ্মেচন-টেলি ক্লিনিক চেণ্টাৰটোৰ জৰিয়তে পৰৱৰ্তী চিকিৎসা সাহায্য লাভ কৰে। আনহাতে হাড়ৰ যিকোনো সমস্যাৰ বাবে এতিয়াৰ পৰা অস্থিৰোগ বিশেষজ্ঞ ডাঃ চেন্থিল কুমাৰ ডুৰাই প্ৰতি তিনিমাহৰ মূৰে মূৰে লখিমপুৰলৈ আহি চিকিৎসা পৰামৰ্শ আগবঢ়াব বুলি তেঁও সংবাদমেলত সদৰী কৰে। উল্লেখ্য যে লখিমপুৰত স্থাপন কৰা চেণ্টাৰটোৰ ঠিকনা হল-এপ’ল’ টেলি ক্লিনিক এণ্ড ইনফৰ্মেশ্যন চেণ্টাৰ, ৱাৰ্ড নং-৬, ডি চি বাংলো ৰোড, গাৰ্লছ হাইস্কুল চাৰিআলিৰ সমীপত, ফোন নং- ৮০১১২৬৮৯৮৯,৭০৮৬০৮৪৩৪৬)। লখিমপুৰৰ ৰোগীসকলে চেন্নাইলৈ যোৱাৰ প্ৰয়োজন নোহোৱাকৈ ডাঃ চেন্থিল কুমাৰ দুৰাইৰ সৈতে পৰামৰ্শ লোৱাৰ অনন্য সুযোগ লাভ কৰাৰ সন্দৰ্ভত তেওঁ লগতে কয়- ৰবটিক জইন্ট ৰিপ্লেচমেণ্ট (ককাল, আঁঠু আৰু কান্ধৰ বাবে), Joint replacement বিফল হোৱাৰ ক্ষেত্ৰত পুনৰীক্ষণ আৰু অস্ত্ৰোপচাৰ, ক্ৰীড়া আঘাতৰ বাবে আৰ্থ্ৰস্কপিক (কীহ’ল) অস্ত্ৰোপচাৰ (আঁঠু আৰু কান্ধ), হিপ আৰু পেলভিছটেবুলাৰ ট্ৰমা,মেৰুদণ্ডৰ বিকাৰ, হাড়ৰ টিউমাৰ আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপচাৰ বিশেষজ্ঞ হিচাপে তেঁও সম্প্ৰতি চেন্নাইত কৰ্মৰত হৈ আছে আৰু লখিমপুৰ চেণ্টাৰলৈও আহিও পৰামৰ্শ আগবঢ়াব। ইনফৰ্মেচন-টেলি ক্লিনিক চেণ্টাৰটোৱে আন বিভিন্ন বিভাগৰ তথ্যও প্ৰদান কৰিব বুলি সংবাদ মেলত সদৰী কৰে এপ’লৰ হেল্থ কেয়াৰ মেনেজাৰ জ্ঞানদীপ কলিতাই। কলিতাই কয়-অসমৰ মানুহে চেন্নাইত চিকিৎসা কৰিবলৈ গৈ যাতে বিপদত নপৰে তাৰ বাবে চেন্নাইলৈ যোৱাৰ পূৰ্বে ইনফৰ্মেচন চেণ্টাৰলৈ গৈ বা চেণ্টাৰৰ তৎত্বাৱধায়কক (ফোন নম্বৰ 8011268989, 7086084346) যোগাযোগ কৰি ললে ৰাইজৰ সুবিধা হব। সংবাদমেলত চেণ্টাৰটোৰ তৎত্বাৱধায়ক প্ৰমোদ হ’ৰ উপস্থিত থাকি কয় যে ইতিমধ্যে বহুকেইজন ৰোগীয়ে তেঁওলোকক যোগাযোগ কৰি চেন্নাইত সুকলমে চিকিৎসা গ্ৰহণ কৰি আহিছে। উল্লেখ্য যে চেণ্টাৰটোত ইতিমধ্যে স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু অস্থিৰোগ বিশেষজ্ঞই নিয়মীয়া বিৰতিৰে ৰোগীলৈ চিকিৎসা সেৱা প্ৰদানৰ লগতে পৰামৰ্শ আগবঢ়াই আছে আৰু ভৱিষ্যতে একাধিক বিভাগৰ চিকিৎসক উত্তৰ লখিমপুৰলৈ আহিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More