লখিমপুৰত কাৰ্যবাহী অভিযন্তাৰ বদলিৰ দাবীত মুখ্যমন্ত্ৰী-জলসম্পদ মন্ত্ৰীলৈ দুই সংগঠনৰ স্মাৰক পত্ৰ

মই ৰাস্তাতে চাৰ্জ দিবলৈ সাজু আছো- কাৰ্যবাহী অভিযন্তা

0 58

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ এপ্ৰিলঃ লখিমপুৰৰ জলসম্পদ সংমণ্ডলত দুৰ্নীতিৰ অভিযোগ তুলি আজি দুটাকৈ সংগঠনে লখিমপুৰ জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাজনৰ বদলিৰ দাবী জনাই মুখ্যমন্ত্ৰী আৰু জলসম্পদমন্ত্ৰীলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি মৃদুল দাসৰ লগতে সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি বিনোদ দাস স্বাক্ষৰিত বিবৃতিত উল্লেখ কৰে যে লখিমপুৰ জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা আলিউল আখতাৰ হুছেইনে সংমণ্ডলটোত কামকাজ পৰিচালনা কৰাৰ ক্ষেত্ৰত চূড়ান্ত দুৰ্নীতি আৰু অনিয়মৰ আশ্ৰয় লৈ আহিছে।  ৰঙানদী মেগা প্ৰজেক্টৰ ৩৬১ কোটি টকীয়া আঁচনি আৰু মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি কাৰ্যবাহী অভিযন্তাজনৰ বদলিৰ দাবী জনায়। এইজন বিষয়াক জলসম্পদ বিভাগৰ এজন উচ্ছ পদস্থ বিষয়াই ৰক্ষণাবেক্ষণ দি আহিছে বুলিও উল্লেখ কৰিছে। কাৰ্যবাহী অভিযন্তাজনে এজন সহকাৰী অভিযন্তাক ১১টাকৈ গুৰুত্বপূৰ্ণ ছাইটৰ দায়িত্ব দি অনিয়ম সংঘটিত কৰি আহিছে বুলিও বিবৃতিটোত উল্লেখ কৰিছে। ইফালে উত্থাপিত অভিযোগ সন্দৰ্ভত আজি কাৰ্যবাহী অভিযন্তাজনে সংবাদ মাধ্যমক কয় যে মোৰ বিৰুদ্ধে যদি দুৰ্নীতিৰ নিৰ্দিষ্ট অভিযোগ আছে তেনেহলে মই যিকোনো মুহূৰ্তত বদলি হৈ যাবলৈ সাজু আছো। মই নিষ্ঠাৰে বিভাগীয় কাম-কাজ কৰি অহাৰ পিছতো যদি মোৰ বদলিকৰণ বিছাৰিছে তাত মোৰ কব লগা একো নাই। ইয়াৰ বিপৰীতে মই পথত হলেও কাৰ্যভাৰ হস্তান্তৰ কৰিবলৈ সাজু আছো, কিন্তু সেই অভিযোগৰ সত্যসত্যতা থাকিব লাগিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More