লখিমপুৰত কিতাপ গছকি পাৰ হয় মানুহ

৩ বছৰে সম্পূৰ্ণ ন’হল ৪.৯৯ কোটি টকীয়া লখিমপুৰ জিলা পুথিভঁৰাল

0 46

জিলা আয়ুক্তক ঠিকাদাৰৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ অভিযোগ দাখিল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১২ জুনঃ লখিমপুৰ জিলা পুথিভঁৰালৰ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে চি আই ডি এফ আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষতে ৪.৯৯ কোটি টকা আৱণ্টন দিয়ে যদিও নিবিদাপ্ৰাপ্ত ঠিকাদাৰে এই পৰ্যন্ত পুথিভঁৰালৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱৰা কাৰ্যত জাঙোৰ খাই উঠিছে লখিমপুৰ জিলা ছাত্ৰ সন্থা৷ আজি লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ক্ষীৰোদ দুৱৰা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পুণমজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত যোৱা এটি সজাতি দলে জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰে৷ তেওঁলোকে অভিযোগ কৰি কয় যে উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত থকা তথা পৌৰসভাৰ অন্তৰ্গত বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ বছৰ বছৰ ধৰি আধৰুৱা হৈ পৰি থকাৰ লগতে জিলাখনৰ একমাত্ৰ পুথিভঁৰালটোৰ সভাকক্ষটি এই পৰ্যন্ত নিৰ্মাণ হৈ নুঠিল৷ এই পুথিভঁৰালটিত জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সময়ে সময়ে বিভিন্ন সভা সমিতিকে ধৰি বহু অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে৷ ছাত্ৰ সন্থাই অভিযোগ কৰি কয় যে লখিমপুৰ জিলা পুথিভঁৰালটোত লখিমপুৰ বিধান সভা সমষ্টিৰ বিধায়কজনৰ ঘনিষ্ঠ ধ্ৰুৱজ্যোতি শইকীয়াৰ নামত প্ৰাঞ্জল হাজৰিকাই মেৰামতি কৰাৰ নামত আৱণ্টন পোৱাৰ দিনাৰে পৰা আজি তিনি বছৰ ধৰি গৃহটোত সম্পূৰ্ণ কৰি উলিয়াব নোৱাৰিলে৷ গৃহটি শীতাতপ নিয়ন্ত্ৰিত তথা আধুনিকীকৰণৰ নামত আজি তিনিবছৰে এনেদৰে পঁয়া লগা অৱস্থাতে আছে বুলি ছাত্ৰ সন্থাই অভিযোগ কৰে৷ ছাত্ৰ সন্থাই এই কথাও অভিযোগ কৰে যে ঠিকাদাৰ শইকীয়াৰ নামত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত অতি উন্নত মানৰ এটা পুথিভঁৰাল আৰু অতিথিশালা নিৰ্মাণ কৰি থকাৰ লগতে প্ৰাঞ্জল হাজৰিকাই এই গুৰুত্বপূৰ্ণ অনুষ্ঠান দুটা মেৰামতি আৰু পুনৰ নিৰ্মাণৰ নামত চৰকাৰী ধনৰ শৰাধ কৰি আহিছে৷ একেদৰে লখিমপুৰ বালিকা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা পুখুৰীটোও নিৰ্মাণ আৰু সৌন্দৰ্য বৰ্ধনৰ কাম ঠিকাদাৰ ৰাণাদেৱ শইকীয়াই আজি পৰ্যন্ত সম্পূৰ্ণ কৰিব নোৱৰাত আছুৱে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ সেয়েহে এনে আধৰুৱা কামসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ আজি আছুৰ সজাতি দলটোৱে দাবী জনায়৷ উল্লেখ্য যে জিলা পুথিভঁৰাল মেৰামতিৰ সময়ত কিতাপৰ আলৈ আথানি ঘটিছে। পুথিভঁৰালটোত থকা গ্ৰন্থসমূহ সংশ্লিষ্ট পুথিভঁৰালীয়ে সযতনে ৰখাৰ বিপৰীতে যতে ততে পেলাই থোৱাত বহু লোকে কিতাপৰ ওপৰেৰে খোজ কাঢ়িব লগা হয়। ফলত কিতাপসমূহৰ আয়ুসকাল টুটি অহাৰ লগতে বিধ্বস্ত হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More