লখিমপুৰত কিয় বৃদ্ধি পাইছে পথ দুৰ্ঘটনা

জানুৱাৰী - মাৰ্চ মাহলৈ জিলাখনত ৪১ টা দুৰ্ঘটনা সংঘটিত হয়

0 90
  • লখিমপুৰবাসীক দুচকীয়া-চাৰিচকীয়া বাহন চালনৰ সময়ত সাৱধান হবলৈ জিলা পথ সুৰক্ষা সমিতিৰ আহ্বান
  • ১৯ টা দুৰ্ঘটনা মাৰ্চ মাহত সংঘটিত হয় আৰু ১৭ গৰাকী নিহত।
  • ১৭ গৰাকীৰ ভিতৰত দুজনে মদ্যপান কৰাৰ তথ্য আছে।

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯,এপ্ৰিল: লখিমপুৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাখনি আজি জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হৈ যায়। সভাখনিত সভাপতিত্ব কৰে উপায়ুক্ত সুমিত সত্তৱানে। সভাত জিলাখনত সংঘটিত হোৱা দুৰ্ঘটনাসমূহৰ প্ৰকৃতি আৰু কাৰণ সমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকলে দুৰ্ঘটনা সংঘটিত হোৱা ঠাইসমূহ পৰিদৰ্শন কৰি পোৱা দুৰ্ঘটনাৰ কাৰণসমূহ সভাত দাঙি ধৰে আৰু এই কাৰণসমূহ নিৰাময় কৰিবৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক উপযুক্ত পদক্ষেপ লবলৈ জিলা উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে। সংশ্লিষ্ট বিভাগীয় তথ্য অনুসৰি বিগত জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈ জিলাখনত ৪১ টা দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰে ১৯ টা দুৰ্ঘটনা মাৰ্চ মাহত সংঘটিত হৈছে আৰু ১৭ গৰাকী লোকে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লৈছে। এই ১৭ গৰাকীৰ ভিতৰত দুজনে মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত মৃত্যুবৰণ কৰিছে। চালকসকলে পথ সুৰক্ষাৰ নীতি-নিয়মসমূহ উলংঘা কৰি তীব্র বেগত, লগতে মদ্যপান কৰি দুচকীয়া বাহন আৰু গাড়ী চলোৱাৰ বাবেই বেছিভাগ দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।WhatsApp Image 2023 04 29 at 6.15.01 PM মদ্যপান কৰি গাড়ী চলোৱা কাৰ্য্য প্ৰতিৰোধ কৰিবলৈ আৰক্ষী বিভাগে জিলাখনৰ বিভিন্ন স্থানত তালাচী চকী স্থাপন কৰি নিয়মীয়া পৰীক্ষণ অব্যাহত ৰাখিছে যদিও যিবোৰ স্থানত তালাচী চকী নাই তেনে স্থানত দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰা হৈছে। এইক্ষেত্ৰত জনসাধাৰণ অধিক সজাগ হোৱাৰ লগতে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগক বিশেষ সহযোগিতা আগবঢ়াব লাগে বুলি সভাই মত পোষণ কৰে। অভিভাৱক সকলক নিজৰ সন্তানক দুচকীয়া বাহন আৰু গাড়ী চলোৱাৰ ক্ষেত্ৰত বিশেষভাৱে চকু দিবলৈ জিলা পথ সুৰক্ষা সমিতিয়ে আহ্বান জনাইছে।পেট্ৰল পাম্প সমূহক হেলমেট পৰিধান নকৰা ব্যক্তিক তেল নিদিবলৈ নিৰ্দেশ দিয়া হৈছে অন্যথা পেট্ৰল পাম্প সমূহে জৰিমনা ভৰিব লাগিব।সুৰাপায়ী গাড়ীচালকৰ বিৰুদ্ধে জিলা প্ৰশাসন কঠোৰ হোৱাৰ ক্ষেত্ৰতো আজিৰ সভাই মত পোষণ কৰে।

আৰক্ষী বিভাগে যাতে সুৰাপায়ী গাড়ীচালক সকলক সহজে চিনাক্ত কৰি জৰিমনা বিহিব পাৰে তাৰ বাবে “ব্ৰীড এনালাইজাৰ” তালাচী চকীত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উত্তৰ লখিমপুৰ পৌৰসভা আৰু বিহপুৰীয়া পৌৰসভাৰ অন্তৰ্গত যিবোৰ স্থানৰ পথত গতিৰোধকৰ প্ৰয়োজন সেইবোৰ স্থানতো গতিৰোধকৰ ব্যৱস্থা আৰু দুৰ্ঘটনা হোৱা ঠাইত Accident History Location Sign board লগোৱাৰ সম্পৰ্কতো আজিৰ সভাই বিশদভাৱে আলোচনা কৰে।575045 cover why india tends to underreport road accident deaths1600

লখিমপুৰ জিলাক দুৰ্ঘটনামুক্ত জিলা হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত জনসাধাৰণৰ সহায়-সহযোগিতা আৰু পৰামৰ্শ জিলা পথ সুৰক্ষা সমিতিয়ে বিশেষভাবে কামনা কৰিছে। আজিৰ সভাত জিলা পথ সুৰক্ষা সমিতিৰ সকলো সদস্য উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More