লখিমপুৰত খাদ্য নলী-স্তন-মুখত হোৱা কেঞ্চাৰ ৰোগীয়েই সৰ্বাধিক

লখিমপুৰ কেঞ্চাৰ চেণ্টাৰৰ বৰ্ষপূৰ্তি

0 242

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ এপ্ৰিলঃ IMG 20230428 WA0025অসমত কৰ্কট ৰোগৰ চিকিৎসা সুলভ কৰাৰ স্বাৰ্থত ২০২২ চনৰ ২৯ এপ্ৰিলত ৰাজ্যত ৭খন কেঞ্চাৰ চেণ্টাৰ স্থাপন কৰা হৈছিল। সেইমৰ্মে আজি স্থাপনৰ এবছৰ হোৱা উপলক্ষে লখিমপুৰ কেঞ্চাৰ চেণ্টাৰত বৰ্ষপূৰ্তি পালন কৰা হয়। উল্লেখ্য যে যোৱা বছৰ লখিমপুৰ, যোৰহাট, কোকৰাঝাৰ, দৰং, তেজপুৰ, বৰপেটা আৰু ডিব্ৰুগড়ত কেঞ্চাৰ চেণ্টাৰ মুকলি কৰা হৈছিল। ইয়াৰে লখিমপুৰ কেঞ্চাৰ চেণ্টাৰত আজি অনুষ্ঠিত বৰ্ষপূৰ্তি অনুষ্ঠানত লখিমপুৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ হীৰেন কুমাৰ ভট্টাচাৰ্য, লখিমপুৰৰ অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰা, কেঞ্চাৰ চেণ্টাৰৰ অধীক্ষক ডাঃ গোপাল কৃষ্ণ পুৰকায়স্থই অংশগ্ৰহণ কৰাৰ লগতে চেণ্টাৰটোৰ সৈতে অতিথি বিশেষজ্ঞ চিকিৎসক হিচাপে জড়িত ডাঃ ৰমানন্দ শইকীয়া, ডাঃ নিখিল ৰাজকাকতিক চেণ্টাৰটোৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।20230428 152616 সভাত আন একাংশ চিকিৎসকেও অংশ গ্ৰহণ কৰে। চেণ্টাৰৰ অধীক্ষক পুৰস্কায়স্থই কয়- যোৱা এটা বছৰে আমি কেঞ্চাৰ ৰোগীক মান সম্পন্ন যথোচিৎ চিকিৎসা সেৱা দিবলৈ সক্ষম হৈছো। এই সময়চোৱাত ৭৬৯৮ জন ৰোগী বহিঃ বিভাগত (OPD) পঞ্জীয়ন হৈছে। নতুন ২৪৫৯জন  ৰোগীক চিকিৎসা কৰা হৈছে, ৩২০০  জনক ৰেডিয়েচন থেৰাপি, ৭০৪ জনক কেম’ থেৰাপি দিয়া হৈছে। লখিমপুৰ কেঞ্চাৰ চেণ্টাৰত সম্প্ৰতি ৪৪ খন বিচনা থকাৰ লগতে ১১৬ গৰাকী চিকিৎসক- চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়াই আছে। যোৱা সময়চোৱাত চিকিৎসা সেৱা আগবঢ়োৱা ৰোগীৰ ভিতৰত খাদ্য নলীত হোৱা কৰ্কট, স্তন কেঞ্চাৰ আৰু মুখত হোৱা কেঞ্চাৰ ৰোগীয়েই সৰ্বাধিক। লখিমপুৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ হীৰেন কুমাৰ ভট্টাচাৰ্যই কয়- বিশেষজ্ঞ চিকিৎসক নহলে এনে চিকিৎসালয় চলাই নিয়া সম্ভৱ নহয়। সেয়ে চিকিৎসকসকলে যিকোনো বিষয়ত বিশেষজ্ঞ চিকিৎসকৰ ডিগ্ৰী লবলৈ আহ্বান জনায়। অনুস্থানত অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰাই লখিমপুৰ কেঞ্চাৰ চেণ্টাৰ আৰম্ভণিৰে পৰা যোৱা এটা বছৰৰ খতিয়ান চমুকৈ দাঙি ধৰে। চেণ্টাৰৰ প্ৰতিগৰাকী চিকিৎসক-চিকিৎসা কৰ্মীয়ে বিগত বছৰটোত যথেষ্ট কষ্ট কৰিছে বুলি উল্লেখ কৰাৰ লগতে কৰ্কট ৰোগৰ সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰিবলৈও তেওঁ সকলোকে আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More