লখিমপুৰত চি বি এছ ইৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ সাফল্য

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ মে’ ঃ আজি ঘোষিত চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফলত লখিমপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ আৰোহণ তিৱাৰী, চিমনা কলিতা আৰু অভিষেক বৰাই বিদ্যালয়খনত শীৰ্ষ স্থান দখল কৰে৷ আৰোহনে ৯৭.৮০ শতাংশ, চিমনাই ৯৬ শতাংশ আৰু অভিষেকে ৯৩.৬০ শতাংশ নম্বৰ লাভ কৰে৷ তদুপৰি বিদ্যালয়খনৰ পৰা এইবাৰ প্ৰায়সকল পৰীক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ আনহাতে এছিয়ান পাব্লিক স্কুলৰ পৰা আটাইকেইজন পৰীক্ষাৰ্থী [১২০ জন] উত্তীৰ্ণ হয়৷ ত্ৰিবেণী বৰা আৰু সৌমাৰদীপ কাকতিয়ে অসমীয়া বিষয়ত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ বিদ্যালয়খনৰ পৰা ত্ৰিবেণী বৰা, ভূয়সী ফুকন, চেহনাজ বেগম, ৷ শ্ৰুতিমালা শৰ্মা, সৌমাৰদীপ কাকতী, লক্ষ্যজিত চাহু, হৰ্ষিতা শইকীয়া, ৰিপুঞ্জীতা বৰা, হিমাংশু বৰা, সাগৰ নিলীম শইকীয়া, জিৎ প্ৰকাশ টায়ে, কনিষ্কা চাবুকধৰা, অি’তা চৰকাৰ, কাব্যশ্ৰী শইকীয়া, চাকিৰ খুৰচিদ আলমে ৯০ শতাংশৰ অধিক নম্বৰ লাভ কৰাৰ বিপৰীতে ইয়াৰে ত্ৰিবেণী বৰা, ভূয়সী ফুকনে ৯৬ শতাংশ আৰু চেহনাজ বেগমে ৯৫ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ ইফালে আজি ঘোষিত চি বি ই এছ ই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত বিদ্যালয়খনৰ পৰা ১০৯ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়৷ ইয়াৰে বিদীশা গগৈ, অনন্ত বিজয় বৰা, দিব্যা দাস, নিষ্ঠা বৰদলৈ, প্ৰিয়ানুজ বৰুৱা, স্বৰ্ণভ কোঁৱৰ, ডিংকী বিশ্বকৰ্মা, তুষাৰ কান্তি ৰয়, অনুশ্ৰী শইকীয়াই ৯০ শতাংশৰ অধিক নম্বৰ লাভ কৰে৷ বিজ্ঞান শাখাত বিদিশা গগৈয়ে ৯৮ শতাংশ, বাণিজ্য শাখাত দিব্যা দাসে ৯১.৬ শতাংশ আৰু কলা শাখাত নিষ্ঠা বৰদলৈয়ে ৯১ শতাংশ লাভ কৰিবলৈ সক্ষম হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More