লখিমপুৰত চৰকাৰে ভূমি দানেৰে সংস্থাপিত কৰা ১৫৩টা পৰিয়ালৰ হাহাকাৰ

কাছডোবাৰ ১ নং হিন্দু গাঁৱত দুৰ্বিষহ জীৱনঃ মন্ত্ৰী-সাংসদৰ প্ৰতিশ্ৰুতি অসাৰ

0 26

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ অক্টোবৰঃ সোৱণশিৰিৰ গৰাখহনীয়াত ঘৰ-মাটি হেৰুওৱা লখিমপুৰৰ ডেৰ শতাধিক পৰিয়ালৰ আজিও বিলাই বিপত্তি ওৰ নপৰিল৷ ২০০৩ চনৰ পৰা সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিত ১২ বছৰ ধৰি আশ্ৰয় গ্ৰহণ কৰাৰ পিছত বহু যুঁজ বাগৰৰ অন্তত লখিমপুৰ জিলা প্ৰশাসনে যোৱা ২০১৯ বৰ্ষত লখিমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কাছডুবাত এই পৰিয়ালসমূহক সংস্থাপিত কৰে৷ গাইপতি ডেৰ কঠাকৈ ভূমি দানেৰে পৰিয়ালসমূহক কাছডুবাৰ পিতনি সদৃশ জলাশয়ত সংস্থাপিত কৰে যদিও এই পৰিয়ালসমূহৰ দুখ যাতনা আজিও আঁতৰ নহ’ল৷ ১৫৩টা পৰিয়ালে বসবাস কৰা এই গাঁওখনক ১নং হিন্দু গাঁও নামেৰে নামাংকিত কৰা হ’ল যদিও বৰ্তমান এই গাঁওখনে সকলো দিশতে জীয়াতু ভুগি আহিব লগা হৈছে৷ বাৰিষা-খৰালি পানীৰ মাজত আবদ্ধ হৈ দিন অতিবাহিত কৰা এই পৰিয়ালসমূহে এতিয়া খোৱাপানী, স্বাস্থ্য, শিক্ষা, যাতায়াত আদি সৰ্বদিশত অৱহেলিত হৈ আহিছে৷ বাট পথৰ চিন মোকাম নোহোৱা এই গাঁওখনত প্ৰশাসনে কেৱল মানুহক সংস্থাপনহে দিলে ইয়াৰ বিপৰীতে কোনো চৰকাৰী আঁচনি ব্যৱস্থা কৰা নহ’ল৷ যাৰবাবে এতিয়া গাঁওবাসীয়ে ভীষণ সমস্যাৰ মাজেৰে দুৰ্বিষহ জীৱন কটাইছে৷ গাঁওখনত যি এখন প্ৰাথমিক বিদ্যালয়, এটা অংগনৱাড়ী কেন্দ্ৰ আছে সেয়াও শোচনীয়৷ এজাক বৰষুণতে বিদ্যালয়খন বন্ধ হৈ পৰে৷ একেদৰে খোৱাপানী যোগানৰ বাবে যি এখন আঁচনি পঞ্চায়তৰ জৰিয়তে স্থাপন কৰিছিল তাৰপৰাও কোনো সুফল নাপালে৷IMG 20221031 WA0038 এনেদৰে নানান সমস্যাৰে ভাৰাক্ৰান্ত এলেকাত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বৰ্তমানৰ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক মানৱ ডেকাই সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সেই স্থানলৈ গৈ উক্ত গাঁওখনক আদৰ্শ গাঁৱলৈ ৰূপান্তিৰত কৰি উন্নত কৰা হ’ব বুলি ৰাইজক আশ্বাস দিছিল যদিও সেয়া আজিও কাৰ্যকৰী নহ’ল৷ পৰিতাপৰ কথা লখিমপুৰ নগৰৰ নিচেই সমীপৰ চৰকাৰে সংস্থাপিত কৰা এই গাঁওখনলৈ যাবলৈ হলে এতিয়া তিনি চাৰিটাকৈ জানৰ ওপৰত থকা ভগ্ন বাঁহৰ দলঙেৰে পাৰাপাৰ হ’ব লাগে৷ সংস্থাপনৰ ৪ বছৰ হোৱা এই গাঁওখনে উন্নয়নৰ মুখ নেদেখাত গাঁওবাসীয়ে চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More