লখিমপুৰত জনসংখ্যা সমাধান অধীনিয়ম ৰূপায়ণৰ দাবীত স্মাৰক পত্ৰ

0 71

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১২ জুলাই : বিশ্বত দিনক দিনে বৃদ্ধি পাই অহা জনবিস্ফোৰণে গুৰুতৰ ৰূপ ধাৰণ কৰি অহাৰ সময়তে সোমবাৰে সমগ্ৰ দেশৰ লগতে লখিমপুৰতো জনসংখ্যা সমাধান অধীনিয়ম ৰূপায়ণৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ জিলা সমিতি, মহিলা শক্তি আৰু যুৱ শক্তিয়ে। জিলা উপায়ুক্তৰ জৰিয়তে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইন প্রণয়নৰ দাবীত এই স্মাৰক পত্ৰ দেশৰ প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী, আইন মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। সমিতিয়ে মুঠ ১১ টা দাবী সম্বলিত স্মাৰকপত্ৰখন প্ৰেৰণ কৰি এনে দাবীসমূহ সংবিধানত উপযুক্ত সংশোধনৰো ব্যৱস্থা কৰিবলৈ দাবী জনায়। উক্ত স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত জিলা সমিতিৰ অধ্যক্ষ ড° কানন সেৱক খণ্ডায়তৰায় মহিলা শক্তিৰ অধ্যক্ষ অনিন্দিতা বৰঠাকুৰ, যুৱ শক্তিৰ অধ্যক্ষ তৰুণ নাথ, মহিলা শক্তিৰ উপাধ্যক্ষ ড° স্বপ্না দত্ত, কার্যকর্তা মাধুৰিমা ভূঞা, সংৰক্ষক শকুন্তলা বৰপাত্র, সম্পর্ক প্রমুখ প্রণশ্রী বৰা দত্ত, ৰাজ্যিক সদস্য ৰাজা ভট্টাচার্য, হোমেন বৰুৱা আদিয়ে অংশগ্রহণ কৰে। জনসংখ্যা নিয়ন্ত্রণ আইনক দেশৰ সকলো নাগৰিকৰ ওপৰত সমানে বলবৎ কৰাৰ ব্যৱস্থা কৰাৰ ওপৰত দাবী জনোৱা হয়। ২০১৮ চনৰ ৯ আগষ্টত চাৰিগৰাকী সাংসদ সহ জনসংখ্যা সমাধান ফাউণ্ডেচনে ১২৫ জন সাংসদৰ হস্তাক্ষৰ সহ এখন স্মাৰক পত্ৰ ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰি কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে এখন জনসংখ্যা নিয়ন্ত্রণ আইন প্ৰণয়ণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈও আহ্বান জনোৱা হয় বুলি ফাউণ্ডেচনে ব্যক্ত কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More