লখিমপুৰত জিলা আয়ুক্ত সন্মিলনত ৭ জিলাৰ উন্নয়নমূলক কামকাজৰ অগ্ৰগতি পৰ্যালোচনা পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আধাতে সন্মিলন বাতিল

0 37

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জুলাইঃ জিলা আয়ুক্ত সন্মিলনৰ অংশ হিচাপে আজি লখিমপুৰত উত্তৰ অসম আৰু বৰাক উপত্যকাৰ সাতখন জিলাত চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে ৰাজ্যৰ পৰিবহণ, আৱকাৰী, মীন, বিজ্ঞান-প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই। শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহকে ধৰি গুৰুত্বপূৰ্ণ উন্নয়নমূলক আৰু জনকল্যাণমূলক আঁচনি তথা প্ৰকল্পসমূহৰ কাৰ্য ৰূপায়ণ প্ৰক্ৰিয়া সঠিক আৰু নিৰ্ধাৰিত সময়সীমা অনুসৰি আগবাঢ়িছে নে নাই, সেয়া আয়ুক্ত সন্মিলনৰ প্ৰথম দিনাই পৰ্যালোচনাৰ দায়িত্ব দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিবহন মন্ত্ৰী মহন্তৰ অধ্যক্ষতাত এই সাতখন জিলাক সামৰি এক মাণ্ডলিক পৰ্যালোচনা সমিতি গঠন কৰি দিয়ে। সেই মতে, লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সচিব তথা বান আৰু নদী খহনীয়া ব্যৱস্থাপনা সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া জীবন বিক লগত লৈ মন্ত্ৰীগৰাকীয়ে জিলাকেইখনৰ আয়ুক্তসকলৰ সৈতে মাণ্ডলিক পৰ্যালোচনা বৈঠকত মিলিত হয়। বিশ্বনাথ , শোণিতপুৰ, লখিমপুৰ, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত চৰকাৰৰ অগ্ৰাধিকাৰপ্ৰাপ্ত কাৰ্যসূচী তথা আঁচনি-প্ৰকল্পৰ ফলপ্ৰসূ ৰূপায়ণ আৰু গুৰুত্বপূৰ্ণ প্ৰশাসনিক কাম-কাজসমূহৰ বিষয়ে পুংখানুপুংখ ভাৱে আলোচনা কৰি মন্ত্ৰী মহন্ত আৰু উপ মুখ্য সচিব তিৱাৰীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰভিত্তিক আঁচনিসমূহৰ ক্ষিপ্ৰ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ দিহা দিয়ে। এই পৰ্যালোচনা বৈঠকত বিশ্বনাথৰ আয়ুক্ত ড° নেহা যাদৱ, লখিমপুৰৰ আয়ুক্ত গায়ত্ৰী হ্যালিঙ্গে, কাছাৰৰ আয়ুক্ত ৰোহন কুমাৰ ঝা, হাইলাকান্দিৰ আয়ুক্ত নিসৰ্গ হিভাৰে, কৰিমগঞ্জৰ আয়ুক্ত মৃদুল যাদৱ, শোণিতপুৰৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু ধেমাজিৰ আয়ুক্ত অঙ্কুৰ ভঁৰালীয়ে নিজ নিজ জিলাত ৰূপায়িত অগ্ৰাধিকাৰভিত্তিক চৰকাৰী উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিক লৈ প্ৰতিবেদন দাখিল কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান, সমাজ কল্যাণ, মহিলা আৰু শিশু বিকাশ , জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, গৃহ নিৰ্মাণ আৰু নগৰাঞ্চল বিকাশ, কৃষি, শক্তি, সাধাৰণ প্ৰশাসন আদি বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ আঁচনি তথা কাৰ্যসূচীৰ ক্ষেত্ৰত প্ৰতিখন জিলাই লাভ কৰা অগ্ৰগতি পৰ্যালোচনাকালত জিলাসমূহে এই আঁচনি-প্ৰকল্পৰ কাৰ্য ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়েও আলোচনা কৰা হয়। জিলাসমূহত আঁচনিৰ কাৰ্য ৰূপায়নত সন্মুখীন হোৱা এনে অসুবিধাসমূহ দূৰীকৰণৰ বাবে ল’ব পৰা বিকল্প, ফলপ্ৰসূ ব্যৱস্থাক লৈ জিলা আয়ুক্তসকলে আগবঢ়োৱা মতামত তথা পৰামৰ্শ বিবেচনা কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী আৰু অতিৰিক্ত মুখ্য সচিবে।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ )
এমজিএনৰেগা, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান-লাখপতি বাইদেউ , স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, আয়ুষ্মান ভাৰত ডিজিটেল মিছন, মাতৃ আৰু শিশুৰ স্বাস্থ্য সূচকৰ টিকাকৰণৰ স্থিতি, শিশুৰ জন্ম পঞ্জীয়ন, নৱজাতকৰ মৃত্যুৰ হাৰ, প্ৰসূতিৰ মৃত্যুৰ হাৰ, প্ৰতিষ্ঠানিক প্ৰসৱ, চাহ বাগিছাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-অন্ন সেৱা দিন,ন্য়ূনতম সমৰ্থন মূল্যত ধান আৰু সৰিয়হ ক্ৰয়, ৰাজহ বিভাগৰ মিছন ভূমিপুত্ৰ, সেৱা সেতু, মিছন বসুন্ধৰা, ভূমি ৰাজহ সংগ্ৰহ, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰকল্প আৰু অসম মালা প্ৰকল্প ৰূপায়ণৰ বাবে ভূমিৰ অধিগ্ৰহণ,কৃষি বিভাগৰ পি এম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, মীন বিভাগৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা, গৃহ নিৰ্মাণ আৰু নগৰাঞ্চল উন্নয়ন বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল), স্বচ্ছ ভাৰত অভিযান (চহৰাঞ্চল), শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষা অভিযান, মধ্যাহ্ন ভোজন, মহিলা আৰু শিশু বিকাশ বিভাগৰ পোষণ অভিযান, আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন অভিযান আদি চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ পৰা সমাজৰ শেষ স্তৰলৈকে প্ৰতিগৰাকী লোকেই যাতে উপকৃত হ’ব পাৰে, সেই দিশত সম্পূৰ্ণ নজৰ ৰাখিবলৈ জিলা আয়ুক্তসকলক মাণ্ডলিক পৰ্যালোচনা সমিতিৰ অধ্যক্ষ তথা মন্ত্ৰী মহন্তই নিৰ্দেশ দিয়ে। উল্লেখ্য যে, আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰত এইবাৰৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক সন্মিলন আয়োজন কৰা হৈছিল যদিও কালি বিয়লিৰে পৰা ৰাজ্যৰ প্ৰায়কেইখন জিলাতে বান পৰিস্থিতি ক্ৰমশঃ চিন্তাজনক হৈ পৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আজি প্ৰথম দিনা জিলা আয়ুক্তসকলৰ সৈতে মাণ্ডলিক সমিতিসমূহৰ পৰ্যালোচনা সামৰণি মাৰি সকলো জিলা আয়ুক্তক নিজ নিজ জিলাত বান পৰিস্থিতি চম্ভালাৰ বাবে বিয়লিৰ ভিতৰতে লখিমপুৰৰ পৰা ঘূৰি যোৱাৰ নিৰ্দেশ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More