লখিমপুৰত ট্ৰেক্টৰৰ খুন্দাত মহাবিদ্যালয়ৰ ছাত্ৰী নিহত

0 38

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৬ ডিচেম্বৰঃ আজি পুৱাই উত্তৰ লখিমপুৰ নগৰৰ চুতীয়াকাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই ঘটনাত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা ৮.৩০ মান বজাত বধাকৰা সোণোৱাল গাঁৱৰ গণেশ সোণোৱলৰ একমাত্ৰ কন্যা তথা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ স্নাতক বৰ্ষৰ ছাত্ৰী দুলুমণি সোণোৱালে মহাবিদ্যালয়লৈ বুলি অসম চৰকাৰে প্ৰদান কৰা স্কুটিৰে আহি থকাৰ সময়তে বধাকৰা-চুতীয়াকাৰী সংযোগী পথৰ চুতীয়াকাৰী নামঘৰৰ সমীপত এখন ট্ৰেক্টৰে ছাত্ৰীগৰাকীক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত ছাত্ৰীগৰাকীৰ থিতাতে মৃত্যু হয়৷ এই ঘটনাৰ পিছতে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে একাংশ লোকে পথৰ মাজলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰি ঘটনাৰ তদন্তৰ দাবী জনোৱাৰ লগতে দোষীক কঠোৰ শাস্তি বিহিবলৈ লখিমপুৰ আৰক্ষী প্ৰশাসনক দাবী জনাইছে৷ ইফালে ঘটনাৰ লগত জড়িত ট্ৰেক্টৰখন আৰক্ষীয়ে চিনাক্ত কৰি জব্দ কৰিছে৷ দুলুমণি সোণোৱালৰ আকস্মিক মৃত্যুত মহাবিদ্যালয়ত শোক প্ৰকাশ কৰাৰ লগতে সমগ্ৰ বধাকৰা অঞ্চলত গভীৰ শোকৰ ছা পৰিছে৷ মৃত্যুৰ সময়ত ছাত্ৰীগৰাকীয়ে পিতৃ-মাতৃ আৰু এজন ভাতৃকে ধৰি বহু আত্মীয়ক এৰি থৈ যায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More