লখিমপুৰত ডাম্পাৰে মহটিয়ালে দুই বাইক আৰোহীক

0 13

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১২ মে ঃ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত মাত্ৰ দুদিন পূৰ্বে ডাম্পাৰে এজন লোকক খুন্দিয়াই নিহত কৰাৰ পিছত আজি নগৰখনৰ বাইপাছত আনএখন ডাম্পাৰে দুই বাইক আৰোহীক মহটিয়াই নিয়া ঘটনাই নগৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি পুৱা ১১.৩০মান বজাত পহুমৰা দিশৰ পৰা মিক্সাৰ কয়লা কঢ়িয়াই অনা এ এচ ২৩ চি চি ৫৪৭৯ নম্বৰৰ ডাম্পাৰখনে লখিমপুৰ বাইপাছৰ চাবতিত দুই বাইক আৰোহী যুৱকক মহটিয়াই নিয়াৰ ফলত এজন যুৱক থিতাতে নিহত হয়৷ লক্ষণীয় কথা যে লীলাবাৰী দিশৰ পৰা এ এচ ০৭ এফ ১৪৮৫ নম্বৰৰ বাইকখনেৰে তীব্ৰ বেগেৰে নিপু নাথ [২৭] আৰু ৰাজু গোৱালাই আহি ডাম্পাৰখনত খুন্দা মৰাৰ ফলতে নিপু নাথ ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে ৰাজু গোৱালা গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়৷ বাইক আৰোহী দুয়োজনৰে ঘৰ লখিমপুৰৰ কদমত৷ লখিমপুৰত আজি কিছু দিনৰ পৰা অভাৱনীয় হাৰত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ লগতে ডাম্পাৰৰ বাবে বহু লোকৰ অকালতে মৃত্যু হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইফালে গুৰুতৰ ভাৱে আহত ৰাজু গোৱালাক সংকটজনক অৱস্থাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More