লখিমপুৰত ডাম্পাৰৰ খুন্দাত এজন নিহত

0 33

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৯ ঃ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত আজি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে নিহত হয়৷ মৃত লোকজন হৈছে জিলাখনৰ ঘূনাসুঁতি বান্দৰকটা নিবাসী ফটিক নাথ [৫০]৷ প্ৰাপ্ত তথ্য অনুসৰি ফটিক নাথে আজি প্ৰায় ১১.৩০ বজাত উত্তৰ লখিমপুৰ নগৰলৈ আহি থকাৰ সময়তে নগৰখনৰ কে বি ৰোডৰ এফ চি আই কাৰ্যালয় সন্মুখত লখিমপুৰ-পানীগাঁও অভিমুখী এ এচ ২২ চি ৩৮৫১ নম্বৰৰ বালি ভৰ্তি ডাম্পাৰখনে উক্ত লোকজনক মহটিয়াই নিয়াত তেওঁৰ থিতাতে নিহত হয়৷ ডাম্পাৰখনৰ পিছ চকা ফটিক নাথৰ ভৰিৰ ওপৰেৰে পাৰ হৈ যোৱাত নাথৰ ঘটনাস্থলীতে মৃত্যু হয়৷ আৰক্ষীয়ে ইতিমধ্যে ডাম্পাৰখন জব্দ কৰাৰ লগতে চালকজনকো আটক কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More