লখিমপুৰত ড্ৰাগছৰ বেপাৰত নমাইছে শিশুক

পিতৃ-মাতৃ শিশু সহ পাঁচ জনক গ্ৰেপ্তাৰঃ আৰক্ষীৰ সংবাদমেল

0 41

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১ মে : লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী এক অভিযানত এটি শিশুসহ শিশুটিৰ পিতৃ-মাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৪০ টা কন্টেইনাৰ সহ ৫.০৪ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ।আৰক্ষীয়ে অভিযান কালত মাজুলীৰ ৰমা গাম ,বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পাৰ্বতীপুৰৰ মিনা বড়ি, লালুকৰ জীতেন বিশ্বাসৰ পত্নী ৰিজু পেগুক গ্ৰেপ্তাৰ কৰিছে। বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ উপ পৰিদৰ্শক নিপন গগৈৰ নেতৃত্বত চলা অভিযানত এইদৰে সন্দেহজনক হেৰ’ইন সহ তিনিওজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । আজি এই সন্দৰ্ভত লখিমপুৰ সদৰ থানাত এক সংবাদমেলত লখিমপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক ৰুণা নেওগ, বিহপুৰীয়া থানাৰ আৰক্ষী বিষয়া উৎপল বৰাই কয় বিগত সময়ত ড্ৰাগছ ব্যৱসায়ীয়ে মহিলাক ব্যৱহাৰ কৰাৰ দৰে এইবাৰ শিশুক ব্যৱহাৰ কৰিছে । যিটো এক উদ্বেগজন বিষয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আঠ বছৰীয়া শিশুটিৰ পিতৃ মাতৃক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে শিশুটিক জে জে বৰ্ডত চমজাই দিব বুলি সদৰী কৰে । ইফালে আৰক্ষী উপ পৰিদৰ্শকগৰাকীয়ে সংবাদ মেলত জনোৱা মতে আৰক্ষীয়ে ২০২২ বর্ষত মুঠ ১২৫ গৰাকী ড্ৰাগছ সৰবৰাহকাৰী, ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। আনহাতে বিগত কেইটা দিনত ডেনিয়েল বড়ি, মোবাৰক আলি, কুতুবুদ্দিন আলিকো গ্ৰেপ্তাৰ কৰাৰ কথা সংবাদ মেলত সদৰি কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More