লখিমপুৰত থানা জ্বলোৱাৰ পৰিকল্পনা আছিল উত্তেজিতৰ 

২ নাবালকসহ ১৫ জনক গ্ৰেপ্তাৰঃ প্ৰজ্বালক-ইন্ধন জব্দ

0 111

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৫ মেঃ উত্তৰ লখিমপুৰ নগৰৰ খেলমাটি উপ আৰক্ষী চকীত ২২ মেৰ নিশা এজন অভিযুক্তৰ ৰহস্যজনক মৃত্যুৰ পিছত ২৩ মেত শ শ লোকে থানা আক্ৰমণ কৰাৰ লক্ষ্যৰে শিলাবৰ্ষণ কৰা ঘটনাই নতুন মোৰ লৈছে।WhatsApp Image 2024 05 25 at 5.46.50 PM 1 e1716640459307 আজি দুপৰীয়া উত্তৰ লখিমপুৰ সদৰ থানাত আৰক্ষীৰ শীৰ্ষ বিষয়াই এক সংবাদমেল সম্বোধন কৰি কয় যে সিদিনাৰ ঘটনাত আৰক্ষীৰ ৬ জন লোক আৰু ৪ জন সাংবাদিক আঘাতপ্ৰাপ্ত হৈছিল। এই সন্দৰ্ভত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই মুঠ ১৫ জনক গ্ৰেপ্তাৰ কৰিছে, ইয়াৰ ভিতৰত দুটি নাবালকো আছে। উল্লেখ্য যে আৰক্ষীয়ে অভিযান কালত জব্দ কৰা দা, লাঠি পেট্ৰ’ল, লাইটাৰ, জোঁৰ সদৃশ বাঁহৰ কামিৰ এমূৰে কাপোৰ লগাই লোৱা মাৰি আদিয়ে প্ৰমাণ কৰে যে উত্তেজিত লোকে সেইদিনা থানা লণ্ডভণ্ড কৰি জ্বলাই দিয়াৰ পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে কৌশল অৱলম্বন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ নকৰা হলে উত্তেজিত ৰাইজে খেলমাটি উপ আৰক্ষী চকীখন জ্বলাই দিয়াৰ পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে ভিডিঅ’ ফটোগ্ৰাফী আৰু চিচিটিভি ফুটেজ বিশ্লেষণ কৰি অভিযুক্তক চিনাক্ত কৰিছে। সেইমৰ্মে যোৱানিশা অভিযান চলাই জাহাংগীৰ আলী, মালেক আলী, মনিৰুল ইছলাম, ছাহজাহান আলম, ছোনী আহমেদ, পাপু খান, মুবাৰক আলী, মজিবুৰ ৰহমান, আজিজুৰ ৰহমান, কাশেম আলী, বাহাৰুল ইছলাম, আনাৰুল ওৰফে অনাৰ ইছলাম, ⁠চৈয়দ মাফুজুৰ ৰহমানৰ লগতে দুজন নাবালকক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত সকলৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/ ১৪৩/ ১৪৭/ ৩২৬/৩০৭/৩৩৮/৩৩৩ ধাৰা আৰু ৰাজহুৱা সম্পত্তি ধ্বংস ধাৰা আৰ ডব্লিউ -৪ পি দি পি পি মৰ্মে ১৪১/২৪ নম্বৰত এক গোচৰ ৰুজু হৈছে।ধৃত ১৫জন অভিযুক্তক আৰক্ষীয়ে সোধাপোছা কৰি আজি বিয়লি আদালতত হাজিৰ কৰে। উল্লেখ্য যে ২২ মেত খেলমাটি আৰক্ষীয়ে চুৰি হোৱা এটা মোবাইলৰ সন্দৰ্ভত নগৰখনৰ পূৱ চানমাৰিৰ পৰা আশ্ৰফ আলী নামৰ যুৱকজনক আটক কৰি থানালৈ আনে৷ চুৰি মোবাইলটো আলীয়ে ব্যৱহাৰ কৰি থকা বুলি আৰক্ষীয়ে জানিব পাৰি নিশা আন কেইজনমান অভিযুক্তৰ লগতে সোধপোছৰ বাবে আশ্ৰফ আলীক থানালৈ আনে৷ খেলমাটি আৰক্ষী চকীতে ৰহস্যজনক পৰিস্থিতিত আলীৰ মৃত্যু ঘটে৷ এই ঘটনা পুৱা প্ৰচাৰ হোৱাৰ পিছতে ১০ মান বজাত সহস্ৰাধিক লোক ওলাই আহি খেলমাটি থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে শিলগুটি নিক্ষেপ কৰাত একাধিক আৰক্ষীৰ লগতে লখিমপুৰৰ চাৰিজনকৈ সংবাদকৰ্মী আহত হয়৷ আজিৰ সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক(অপৰাধ শাখা) নয়নমণি বৰ্মন, অতিৰিক্ত আৰক্ষী অধীক্ষক লব কুমাৰ ডেকা, সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডেইজী গগৈ উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More