লখিমপুৰত দুবৃৰ্ত্তই কাটিলে সাত বিঘা মাটিৰ চাহ গছ

ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত বধাকৰাৰ হেচামৰাত আজি এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰায় ৭ বিঘা ভূমিৰ চাহ গছ দুবৃৰ্ত্তই কাটি তহিলং কৰা কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত দুবৃৰ্ত্তক আটক কৰিব পৰা হোৱা নাই৷ বগীনদীৰ ক্ষুদ্ৰ চাহ খেতিয়ক তথা উদ্যোগী যুৱক ফটিক চুতীয়াই আজি অভিযোগ কৰে যে আজি কিছুদিন পূৰ্বে তেওঁ বধাকৰাৰ হেচামৰাত এজন স্থানীয় লোকৰ পৰা ক্ৰয় কৰি লোৱা প্ৰায় সাত বিঘা ভূমিত চাহ পুলি ৰোপণ কৰিছিল৷ বিগত প্ৰায় তিনি মাহ পূৰ্বে তেওঁ এই চাহ পুলি সমূহ ৰোপন কৰি প্ৰতিপালন কৰি অহাৰ সময়তে আজি ৩০-৪০ জনীয়া দুবৃৰ্ত্তৰ এটা দলে এই চাহপুলি সমূহ সম্পূৰ্ণৰূপে কাটি খাস্তাং কৰাৰ লগতে চাহপুলি সমূহ জ্বলাই দিয়ে৷ ইতিমধ্যে ক্ষুদ্ৰ চাহ খেতিয়কজনে দুবৃৰ্ত্তৰ বিৰুদ্ধে আৰক্ষীক লিখিত ভাৱে অভিযোগ দাখিলৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে৷ তেওঁ জনোৱা অনুসৰি উক্ত ভূমিত চুতীয়াই ২৫-৩০ হাজাৰ চাহ পুলি ৰোপন কৰিছিল আৰু আজিও ৫-৬ হাজাৰ পুলি ৰোপনৰ বাবে জমা কৰি ৰখাৰ সময়তে দুবৃৰ্ত্তই এনেদৰে ক্ষতি সাধন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More